সুঃখবৰ! বিশ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনল’জিত যোগদানৰ সুযোগ লাভ চৰাইদেউৰ দুহিতা চন্দ্ৰিকা কোঁৱৰৰ…

নিউজ ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত পুনৰ উজ্বলি উঠিল আন এগৰাকী অসমীয়া।

মেধাৰ বলত বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনল’জিত যোগদানৰ সুযোগ লাভ কৰিলে চৰাইদেউৰ দুহিতা চন্দ্ৰিকা কোঁৱৰে।

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী তথা টাইফৰ পৰামৰ্শদাতা চন্দ্ৰিকা কোঁৱৰে এইবছৰ আমেৰিকা চৰকাৰৰ সন্মানীয় ফুলব্ৰাইট ফেলশ্বপি লাভ কৰি এই বিশ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠানত যোগদানৰ সুযোগ লাভ কৰে।

chandrika
সুঃখবৰ! বিশ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ টেকনল’জিত যোগদানৰ সুযোগ লাভ চৰাইদেউৰ দুহিতা চন্দ্ৰিকা কোঁৱৰৰ… 2

উল্লেখ্য যে, চন্দ্ৰিকা চৰাইদেউ নিৱাসী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ বলীন কুমাৰ কোঁৱৰ আৰু ড০ জুৰি গগৈ কোঁৱৰৰ কন্যা।

চন্দ্ৰিকাৰ এই সাফল্যত আনন্দিত কৰিছে পিতৃ-মাতৃৰ লগতে চৰাইদেউবাসীক।