শোকাবহ! গৈ থাকোতেই বাইক আৰোহীৰ ওপৰত ভাঙি পৰিল প্ৰকাণ্ড গছ, দুজনৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ দাঁতিৰ প্ৰকাণ্ড গছ বাগৰি মৃত্যুক সাৱটি ল’লে দুজনকৈ বাইক আৰোহীয়ে। এই শোকাবহ ঘটনা শনিবাৰে পুৱা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ভোছাৰীত।

জানিব পৰা মতে, ভোছাৰীৰ পুনে-নাছিক ঘাইপথৰ দাঁতিতে থকা এডাল প্ৰকাণ্ড গছ শনিবাৰে পুৱা আকস্মিকভাৱে ভাগি পৰে। যাৰ ফলত সেই সময়ত বাইকেৰে গৈ থকা দুজন বাইক আৰোহীৰ গাত গছ পৰি দুয়োৰে থিতাতে মৃত্যু ঘটে।

নিহত লোক দুজনক সমধান নাথু পাটিল (৩৭) আৰু নীলেশ ৰাজেশ চিঙালে (৩৬) বুলি চিনাক্ত কৰা হৈছে। দুয়ো পুৱা প্ৰায় ৭ বজাত কামলৈ ওলাই অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

image 61
শোকাবহ! গৈ থাকোতেই বাইক আৰোহীৰ ওপৰত ভাঙি পৰিল প্ৰকাণ্ড গছ, দুজনৰ মৃত্যু 2

জ্যেষ্ঠ পৰিদৰ্শক ভাস্কৰ যাদৱে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

দুয়োজন বাইক আৰোহীয়ে সেই সময়ত হেলমেট পৰিধান কৰি থকা স্বত্বেও শৰীৰৰ একাধিক স্থানত আঘাত পোৱাৰ বাবেই মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।

ঘটনা সন্দৰ্ভত এটা আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে বুলিও জানিবলৈ দিয়ে জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক ভাস্কৰ যাদৱে।