কলিয়াভোমোৰা দলঙৰ তলত উদ্ধাৰ গঁড়ৰ মৃতদেহ।
ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা অৱস্থাত উদ্ধাৰ গঁড়ৰ মৃতদেহটো।
প্ৰাপ্তবয়স্ক মতা গঁড়টোৰ স্বাভাৱিক ভাৱে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।
কলিয়াবৰৰ শিলঘাটৰ দিশৰ পৰা গঁড়টো সাতুৰি অহা প্ৰত্যক্ষ কৰিছিল একাংশ লোকে।
বাৰ্ধক্যজনিত কাৰণত পানীতে গঁড়টোৰ মৃত্যু ঘটাৰ সন্দেহ।
কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ লগতে গঁড়টোৰ খৰ্গ।









