ভাৰতীয় নৌ বাহিনীৰ অভিযন্তা প্ৰণৱ ৰাজবংশীৰ মৃত্যু, জন্মভূমি টিহুত শোকৰ বন্যা

নিউজ ডেস্কঃ ভাৰতীয় নৌ সেনা বাহিনীৰ লেডিং মেকানিকেল ইঞ্জিনিয়াৰ প্ৰণৱ ৰাজবংশীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে তেওঁৰ জন্মভূমি টিহুৰ ৰণাকুছি।

উল্লেখ্য যে, যোৱা ৪ আগষ্টত নতুন দিল্লীৰ আৰ আৰ সামৰিক হাস্পতালত মৃত্যু ঘটে ৩০ বৰ্ষীয় প্ৰণৱ ৰাজবংশীৰ। ইয়াৰ পিছতে শনিবাৰে নিশা নৌ সেনা বাহিনীৰ অভিযন্তা গৰাকীৰ নশ্বৰ দেহ নৌ বাহিনীৰ নেতত্বত স্বগৃহলৈ অনা হয়। তাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত।

ৰণাকুছিৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৃপেন ৰাজবংশীৰ পুত্ৰ প্ৰণৱ ৰাজবংশীৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

pranab
ভাৰতীয় নৌ বাহিনীৰ অভিযন্তা প্ৰণৱ ৰাজবংশীৰ মৃত্যু, জন্মভূমি টিহুত শোকৰ বন্যা 2

ইফালে দেওবাৰে অসংখ্য স্থানীয় লোকৰ লগতে নৌবাহিনী আৰু সামৰিক বাহিনীৰ বিষয়া-জোৱানসকলে প্ৰণৱ ৰাজবংশীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে ৰাজহুৱা শ্মসানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

প্ৰণৱ ৰাজবংশীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে টিহু অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে। মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে পত্নী আৰু এটি কনমাণি সন্তানক ইহ সংসাৰত এৰি থৈ যায় প্ৰণৱ ৰাজবংশীয়ে।