শোকাবহ! অচিনাক্ত বাহনৰ খুন্দাত পথৰ ওপৰতে বহু সময় ধৰি পৰি ৰ’ল কৃতি শিক্ষক ভূপেন্দ্ৰ কুমাৰ, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ আত্মীয়ৰ ঘৰৰ সকামলৈ গৈ থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় শিক্ষক ভূপেন কুমাৰে।

আমিনগাঁৱৰ জয়গুৰুত শুকুৰবাৰে পুৱাৰ ভাগত হোৱা এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক তথা গোৰেশ্বৰৰ সৰুফুলচকী গাঁৱৰ নিৱাসী ভূপেন কুমাৰ (৫৭)-এ বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ আত্মীয়ৰ ঘৰৰ সকামলৈ গৈ আছিল।

শিক্ষকগৰাকীয়ে বাইকেৰে গৈ থকা সময়তে আমিনগাঁৱৰ জয়গুৰুত তেওঁৰ এএছ ২৫কে ৮৫১৬ নম্বৰৰ বাইকত এখন অচিনাক্ত বাহনে খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ ওপৰতে বহু সময় পৰি ৰয় ভূপেন্দ্ৰ কুমাৰ।

ইফালে বহু সময়ৰ পিছত কোনো ব্যক্তিয়ে ভূপেন্দ্ৰ কুমাৰক কাষতে থকা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

photo1670053708 1
শোকাবহ! অচিনাক্ত বাহনৰ খুন্দাত পথৰ ওপৰতে বহু সময় ধৰি পৰি ৰ’ল কৃতি শিক্ষক ভূপেন্দ্ৰ কুমাৰ, হাস্পতালত মৃত্যু 2

পৰৱৰ্তী সময়ত কুমাৰক আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও দুপৰীয়াৰ ভাগত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শিক্ষকগৰাকীয়ে।

নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ প্ৰয়াত নগেন কুমাৰৰ জ্যেষ্ঠ পুত্ৰ ভূপেন্দ্ৰ কুমাৰে ১৯৯১ চনত শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিল।

গোৰেশ্বৰ অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকা কৃতি শিক্ষকগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।