অসমত হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! এই আশংকা ব্যক্ত কৰি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ অজাপ নেতা দুলু আহমেদৰ…

নিউজ ডেস্কঃ হিন্দু যুৱকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদৰ।

হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰি আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী দুলু আহমেদৰ।

হিন্দু ধৰ্মাৱলম্বী, মুছলমান মহিলা, যুৱতীক লৈ বিৰূপ মন্তব্য কৰি সমাজত বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ আজমলৰ বিৰুদ্ধে।

অসমত যিকোনো সময়তে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ আশংকাও এজাহাৰত ব্যক্ত কৰে দুলু আহমেদে।

যাৰ বাবে সাংসদ আজমলৰ বিৰুদ্ধে অনুসন্ধান কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় অজাপৰ নেতাগৰাকীয়ে।

image 10
অসমত হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! এই আশংকা ব্যক্ত কৰি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ অজাপ নেতা দুলু আহমেদৰ… 2

উল্লেখ্য যে, এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত হিন্দু ধৰ্মাৱলম্বী লোকক লৈ বদৰুদ্দিন আজমলে শুকুৰবাৰে কৰা মন্তব্যই তোলপাৰ লগাইছে অসমৰ লগতে সমগ্ৰ দেশ।

আজমলৰ এনে মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষ।

আনহাতে আজমলৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই।