ৰাষ্ট্ৰীয়অসমীয়া

শোকাবহ! TMCৰ বুথ সভাপতিৰ ঘৰত ভয়ংকৰ বিস্ফোৰণ, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ পশ্চিম বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক বেনাৰ্জীৰ বৃহৎ সমাৱেশ পিছতে শুকুৰবাৰে নিশা পূব মিদনাপুৰৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাৰ ঘৰত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ।

এই বিস্ফোৰণত ৩ জন লোকৰ মৃত্যু ঘটাৰ লগতে আহত হয় আন দুজন ব্যক্তি।

জানিব পৰা মতে, শুকুৰবাৰে পূব মেদিনীপুৰত অভিষেক বেনাৰ্জীৰ সমাৱেশ অনুষ্ঠিত হোৱা স্থানৰ পৰা ৪০ কিলোমিটাৰ নিলগত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।

image 11

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পূব মিদনাপুৰৰ নাৰয়বিলা গাঁৱৰ তৃণমূল কংগ্ৰেছৰ বুথ সভাপতি ৰাজকুমাৰ মান্নাৰ ঘৰত নিশা প্ৰায় ১১.১৫ বজাত এই বিস্ফোৰণ সংঘটিত হয়।

ভয়ংকৰ বিস্ফোৰণটোত টিএমচিৰ বুথ সভাপতি ৰাজকুমাৰ মান্নাৰ লগতে তেওঁৰ ভাতৃ দেৱকুমাৰ মান্না আৰু বিশ্বজিৎ গায়েন নামৰ আন এজন ব্যক্তি নিহয় হয়।

বিস্ফোৰণস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত আন দুজন ব্যক্তিক মিদনাপুৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

image 12

ইফালে এই বিস্ফোৰণক লৈ শাসকীয় টিএমচিক জবাবদিহী কৰাৰ চেষ্টা চলাইছে বিৰোধী বিজেপিয়ে।

অহা বছৰ ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া পঞ্জায়ত নিৰ্বাচনৰ পূৰ্বে টিএমচিয়ে কাৰ্যকৰ্তাৰ ঘৰে ঘৰে দেশত নিৰ্মিত বোমা প্ৰস্তুত কৰাত নামি পৰিছে বুলি অভিযোগ কৰে বিজেপিয়ে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।