আন্তঃৰাষ্ট্ৰীয়অসমীয়া

শূন্যত পুল-আপ! গিনীজ বুকত অবিশ্বাস্য অভিলেখ আৰ্মেনিয়াৰ এইজন যুৱকৰ

হেলিকপ্টাৰত ওলমি পুল-আপ কৰি গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অভিলেখ সৃষ্টি আৰ্মেনিয়াৰ এজন যুৱকে।

২৪ ফেব্ৰুৱাৰীত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছে শ্বেয়াৰ কৰিছে যুৱকনজৰ এই অবিশ্বাস্য অভিলেখৰ এটা ভিডিঅ’।

ভিডিঅ’টোত আৰ্মেনিয়াৰ ৰোমান চাহৰাদিয়ানে এখন হেলিকপ্টাৰত ওলমি শূন্যত ২৩টা পুল-আপ কৰা পৰিলক্ষিত হৈছে। যাৰ জৰিয়তে বতাহত সৰ্বাধিক পুল-আপ কৰাক বিশ্বাভিলেখ গঢ়ে ৰোমানে।

গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছে আৰ্মেনিয়াৰ যুৱকজনৰ ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, চাহৰাদিয়ানৰ নামত এতিয়ালৈকে চাৰিটা গিনীজ বিশ্ব ৰেকৰ্ড আছে।

২০১১ চনত ১৬ ডিচেম্বৰত তেওঁ একেৰাহে ১০০১ স্পিন কৰি গিনীজ বুকত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল। এই অভিলেখ এতিয়াও তেওঁৰ অপৰাজিত হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *