আন্তঃৰাষ্ট্ৰীয়অসমীয়া

যুদ্ধবিধ্বস্ত ইউক্ৰেনত ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু

নিউজ ডেস্ক। যুদ্ধ বিধ্বস্ত ইউক্ৰেনত গুলীবৰ্ষণত মৃত্যু ঘটিল এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ।

জানিব পৰা মতে, মঙলবাৰে ৰাতিপুৱা ইউক্ৰেইনৰ খাৰকিভ চহৰত হোৱা গুলীবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ।

p1 1

নিহত ছাত্ৰজনৰ নাম কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুৰ নবীন শেখৰাপ্পা বুলি চিনাক্ত কৰা হৈছে।

ছাত্ৰজনে বিগত ৪ বছৰ ধৰি চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল।

P5

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰবক্তা অৰিন্দম বাগচিয়ে টুইট কৰি কয়, “গভীৰ দুখৰ সৈতে আমি নিশ্চিত কৰিছো যে আজি ৰাতিপুৱা খাৰকিভত এজন ভাৰতীয় ছাত্ৰই গোলাবর্ষণত প্ৰাণ হেৰুৱাছে”।

তেওঁ লগতে প্ৰকাশ কৰে যে ইতিমধ্যে ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰি ভাৰত চৰকাৰে পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

উল্লেখ্য যে ইউক্ৰেনৰ দ্বিতীয়খন বৃহত্তৰ চহৰ খাৰকিভত মংগলবাৰে পুৱাৰে পৰা ভয়ংকৰ আক্ৰমণ চলাইছে ৰাছিয়াৰ সেনাই।

উল্লেখযোগ্য যে, ইউক্ৰেইনত থকা ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা ভাৰতীয় নাগৰিক সকলক আজিৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানী কীয়েভ এৰাৰ বাবে নিৰ্দেশ দিছে।

ৰাছিয়ান সেনাই আজি কীয়েভত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ধাৰণা কৰিয়ে ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ে ভাৰতীয় নাগৰিক সকলক ৰাজধানী চহৰখনৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনাইছে।

লগতে চাওকঃ

ৰাছিয়াই ধ্বংস কৰিলে বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 ম্ৰিয়া…

152

Leave a Reply

Your email address will not be published. Required fields are marked *