ৰাষ্ট্ৰীয়অসমীয়া

বেংক চুৰি কৰিবলৈ আহি ব্যৰ্থ চোৰে দেৱালত লিখি থৈ গ’ল এই কথা…

নিউজ ডেস্ক। বেংকত চুৰি কৰিবলৈ আহি দেৱালত ‘ট্ৰাই এগেইন বেক… প্ৰমিজ’ বুলি লিখি থৈ গ’ল এজন ব্যৰ্থ চোৰে।

এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ জিন্দ জিলাৰ জুলানাত।

g2

জানিব পৰা মতে, জুলানাৰ দুৰ্গা মন্দিৰ লেনত অৱস্থিত পঞ্জাৱ নেশ্যনেল বেংকৰ শাখাত দেওবাৰে দুপৰীয়া চোৰে দেৱাল ভাগি প্ৰৱেশ কৰে। কিন্তু চোৰে ষ্ট্ৰং ৰুমৰ দেৱাল ভাগি চুৰি কাৰ্য সংঘটিত কৰাত ব্যৰ্থ হয়। যাৰ পিছত চোৰে ষ্ট্ৰং ৰুমৰ দেৱালত পুনৰ চুৰি কৰাৰ প্ৰতিশ্ৰুতি দি লিখি থৈ যায়- ‘ট্ৰাই এগেইন বেক… প্ৰমিজ।’

ইফালে চোৰৰ এই সমস্ত কাণ্ড বেংকৰ চিচিটিভি কেমেৰাত আৱদ্ধ হৈ পৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰে কৰ্মচাৰীয়ে বেংক বন্ধ কৰি চোৱাৰ পিছত শনিবাৰ আৰু দেওবাৰে বেংক বন্ধ আছিল। আৰু ইয়াৰে সুযোগ লৈ দেওবাৰে দুপৰীয়াৰ ভাগত চোৰে বেংকৰ কাষৰ এটা প্লটৰ ফালে থকা দেৱালখন ভাগি ভিতৰত প্ৰৱেশ কৰে যদিও ষ্ট্ৰং ৰুমৰ দেৱাল ভাগি চুৰি কাৰ্য সম্পাদন কৰাত ব্যৰ্থ হয়।

p2 1

ইফালে সোমবাৰে বেংকৰ চকীদাৰে পুৱা প্ৰায় ৯.৩০ বজাত বেংক খুলিবলৈ আহি ভগা দেৱালখন প্ৰত্যক্ষ কৰাৰ পিছতে শাখা প্ৰৱন্ধক আৰু আৰক্ষীক খবৰ দিয়ে। পিছত জুলানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজিৎ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

বেংকৰ শাখাটোত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নথকাৰ বাবেই চোৰে এনেদৰে প্ৰৱেশ কৰাত সফল হৈছে বুলি মন্তব্য কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে, বেংকটোত দিনৰ ভাগত এজন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থাকে যদিও নিশাৰ ভাগত কোনো নাথাকে। আনহাতে বেংকত চিচিটিভি কেমেৰা আছে ঠিকেই, কিন্তু এলাৰ্ম বা চাইৰেণৰ ব্যৱস্থা নাই।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি চিচিটিভি কেমেৰাৰ দৃশ্যৰ আধাৰত অভিযুক্ত চোৰজনৰ সন্ধানত নামি পৰিছে।

লগতে চাওকঃ

বিয়ালৈ মাজত এটা মাহ থকাৰ অৱস্থাত দুৰ্ঘটনাত বাগদত্তাসহ যুৱকৰ মৃত্যু

G1 2

Leave a Reply

Your email address will not be published. Required fields are marked *