অসম

ৰাষ্ট্ৰীয় উদ্যানত মৎস্য চিকাৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল এজন…

দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মাছমৰীয়া আটক।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অবৈধভাৱে পিলপিলি চেং, চানা বৰকা মাছ ধৰিবলৈ যোৱা চোৰাং মাছমৰীয়া মজিদ আলী নামৰ এজন লোকক বন কৰ্মীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰে।

প্ৰায় ৪/৫ দিনমান পূৰ্বে কাছমাৰী নেপালী গাঁৱত মজিদ আলী নামৰ লোকজনে চোৰাংকৈ মাছ মাৰিবলৈ গৈ নিজৰ ম’বাইল ফোনটো পেলাই থৈ আহে।

বন কৰ্মীয়ে ম’বাইলটো উদ্ধাৰ কৰি তদন্তৰ ভিত্তিত মজিদ আলীক আটক কৰি জেললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *