শীৰ্ষ মাওবাদী নেতা ৰামকৃষ্ণৰ মৃত্যু

নিউজ ডেস্ক। নিষিদ্ধ চিপিআই (মাওবাদী) সংগঠনত এক বৃহৎ জোকাৰণি।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ৰামকৃষ্ণ ওৰফে আৰ কেয়ে ৬৩ বছৰ বয়সত অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰে।

তেওঁ ছত্তীশগড়ৰ দক্ষিণ বিজাপুৰৰ গভীৰ অৰণ্যত ভূগৰ্ভস্থ জীৱন যাপন কৰিছিল।

তথ্য অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ বাসিন্দা আৰ কেৰ মূল নাম আছিল আক্কিৰাজু হৰগোপাল। তেওঁ ১৯৫৮ চনত জন্ম গ্ৰহণ কৰিছিল।

স্নাতক হোৱাৰ পিছত কিছুদিন তেওঁ বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰিছিল। তেওঁৰ পিতৃ এজন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

Capture

আৰ কে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান (এনআইটি) ৱাৰাংগলৰ পৰা বি টেক স্নাতক আছিল। ১৯৭৮ চনত তেওঁ পিপলছ ৱাৰ গ্ৰুপ (পিডব্লিউজি)ত যোগদান কৰাৰ পিছত আণ্ডাৰগ্ৰাউণ্ড হৈছিল।

তেওঁৰ সন্ধান দিওঁতালৈ ১ কোটি টকাৰ অধিক পুৰস্কাৰ ঘোষণা কৰিছিল। তেওঁক অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ছত্তীশগড়, উৰিষ্যা আৰক্ষী আৰু নিয়াই বিচাৰিছিল।

১৯৯২ চনত আৰ কেক পিপলছ ৱাৰ গ্ৰুপৰ ৰাজ্যিক সমিতিৰ সদস্য হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ সংগঠনটোৰ দক্ষিণ তেলেংগানা সমিতিৰ নেতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ জানুৱাৰী মাহত তেওঁ সংগঠনটোৰ নৱম কংগ্ৰেছত কেন্দ্ৰীয় সমিতিৰ সদস্য হৈছিল।

তেওঁ ২০০৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী ৱাইএছ ৰাজশেখৰ ৰেড্ডী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে বিফল শান্তি আলোচনাৰ নেতৃত্ব দিছিল। আৰ কে চিপিআই (মাওবাদী)ৰ অন্ধ্ৰ-উৰিষ্যা সীমান্ত বিশেষ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা আছিল।

maoists-sixteen-nine

মেকানিকেল অভিযান্ত্ৰিক পৃষ্ঠভূমিৰ বাবে আৰ কেয়ে অস্ত্ৰ, আইইডি আদি বিস্ফোৰক তৈয়াৰ কৰাত নিপুণ হৈ সংগঠনটোত তেওঁৰ খ্যাতি অৰ্জন কৰিছিল। তেওঁক অন্ধ্ৰ প্ৰদেশ-উৰিষ্যা সীমান্তৰ কাটঅফ এলেকাত সাকেত বুলি জনা গৈছিল।

২০১৮ চনত তেওঁ চিপিআই (মাওবাদী)ৰ সদস্য হৈছিল। একে বছৰতে অন্ধ্ৰ-উৰিষ্যা সীমান্তত অন্ধ্ৰ প্ৰদেশৰ গ্ৰেহাউণ্ডছৰ বিশেষ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তেওঁৰ পুত্ৰ আৰু পত্নীৰ লগতে আন ২৪ জন নিহত হৈছিল। আৰ কে অৱশ্যে পলাই যাবলৈ সক্ষম হৈছিল।

ইফালে হায়দৰাবাদৰ বাসিন্দা আৰ কেৰ ভাতৃ শ্যাম আৰু চুব্বা ৰাৱে কয় যে, তেওঁলোকে সংবাদ মাধ্যম আৰু তেলেংগানা আৰক্ষীৰ বিষয়াসকলৰ জৰিয়তে তেওঁৰ মৃত্যুৰ বিষয়ে জানিব পাৰে।

Leave a Comment