ৰাষ্ট্ৰীয়

কেনে আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং?

শাৰীৰিক অসুস্থাতাত ভূগি বৰ্তমান দিল্লী এইমছত চিকিৎসাধীন হৈ আছে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং।

জানিব পৰা মতে, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বৰ্তমান শাৰীৰিক অৱস্থাৰ পূৰ্বতকৈ কিছু পৰিমাণে উন্নতি ঘটিছে।

জ্বৰ আৰু শৰীৰ দুৰ্বল হৈ পৰাত বুধবাৰে দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক।

দিল্লী এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰিয়াই নিজেই ব্যক্তিগতভাৱে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ সামগ্ৰিক পৰিস্থিতিৰ তত্বাৱধান কৰি আছে বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ো এইমছত ড০ মনমোহন সিঙক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয়।

ইপিনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মুনছুখ মাণ্ডৱ্যয়ো মনমোহন সিঙৰ স্বাস্থ্যৰ সন্দৰ্বত বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *