ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, লাইনচ্যুত হ’ল মালবাহী ৰে’লৰ ২৪ টা ডবা

নিউজ ডেস্ক। এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।

শুকুৰবাৰে কানপুৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত দিল্লী-হাওৰা ৰে’ল পথৰ আম্বিয়াপুৰত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। য’ত এখন মালবাহী ৰেলৰ ২৪ টা খালী ডবা লাইনচ্যুত হৈ পৰে।

অৱশ্যে দুৰ্ঘটনাত কোনো প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই।

ৰে’ল বিভাগৰ বিষয়াৰ সূত্ৰ অনুসৰি, ৰেলৰ পৰিচালনা প্ৰভাৱিত হৈছে আৰু ৰে’ল যাতায়ত পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে।

FBto-Nyx-Vk-AAFjw-Q

উত্তৰ মধ্য ৰে’লৱেৰ (এনচিআৰ) মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া শিৱম শৰ্মাই জনায় যে, শুকুৰবাৰে পুৱা প্ৰায় ৪.১৫ বজাত আম্বিয়াপুৰৰ ওচৰৰ গাজিয়াবাদ-ৰুৰা ৰেল পথত (কানপুৰ ৰেল ষ্টেচনৰ পৰা ৫০ কিলোমিটাৰ দূৰত) মোগলচৰাইলৈ যোৱা মালবাহী ৰেলখনৰ ২৪ টা ডবা লাইনচ্যুত হয়।

দুৰ্ঘটনাটোৰ ফলত ডবাবোৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰে। ৰেলপথ খালী কৰা হৈছে।

শৰ্মাই লগতে কয় যে, মেমু ৰেল আৰু কিছুমান দীৰ্ঘ দূৰত্বৰ ৰেলৰ পৰিচালনা ব্যাহত হৈছে আৰু সেইবোৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে। ইয়াৰোপৰি কিছুমান ৰেলৰ পথ সলনি কৰা হৈছে।

তেওঁ লগতে কয় যে, ৰেলৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু শীঘ্ৰেই স্বাভাৱিক ৰেল চলাচল পুনৰুদ্ধাৰ কৰা হ’ব।

Leave a Comment