পত্নীয়ে আৰক্ষীক দিয়া অভিযোগত অপমানিত নাৰায়ণ! স্বগৃহত ল’লে এক কঠোৰ সিদ্ধান্ত…

নিউজ ডেস্কঃ শাৰীৰিক আৰু মানসিক আতিশয্য চলোৱা বুলি পত্নীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে লাজ আৰু অপমানত চৰম সিদ্ধান্ত বাচি ল’লে এজন যুৱকে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তেজপুৰৰ গাৰোৱানপট্টিত।

জানিব পৰা মতে, গাৰোৱানপট্টিৰ নিৱাসী নৰায়ণ সৰকাৰ নামৰ ২৫ বৰ্ষীয় যুৱকজনে পত্নীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগত অপমানিত বোধ কৰি স্বগৃহতে চিপ লৈ আত্মহত্যা কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, এটা গেৰেজত মেকানিক হিচাপে কৰ্মৰত নাৰায়ণ সৰকাৰ আৰু পত্নী অনিতা দাস সৰকাৰৰ মাজত যোৱা ৩১ ডিচেম্বৰত কোনো কাৰণত কাজিয়া ঘটিছিল।

ইয়াৰ পিছতে পত্নী অনিতাই ফোনযোগে তেজপুৰ আৰক্ষীক স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে অনিতাক বুজনি দি সন্তানক লৈ মাতৃগৃহত থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে পত্নীৰ অভিযোগৰ ভিত্তিতে নাৰায়ণ দাসক থানালৈ মাতি পঠিয়ায়।

সেই সময়তে আৰক্ষীয়ে যুৱকজনৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছ।

ইফালে সন্ধিয়া ঘৰলৈ উভতি অহাৰ পিছত নিশা নাৰায়ণে পত্নীলৈ ফোন কৰি পত্নীক ঘৰলৈ উভতি আহিবলৈ জোৰ কৰে।

কিন্তু পত্নীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আত্মহত্যা কৰাৰো ভাবুকি প্ৰদান কৰে নাৰায়ণে।

তাৰ পিছতে নিশা প্ৰায় ১২ বজাত নাৰায়ণৰ ঘৰত উপস্থিত হয় নাৰায়ণৰ শাহুৱেক।

পৰিয়ালৰ লোক আৰু শাহুৱেকে নাৰায়ণৰ কোঠাৰ দুৱাৰ খুলিয়েই যুৱকজনক চিপ লৈ ওলমি থকা প্ৰত্যক্ষ কৰে।

লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নাৰায়ণৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে চলোৱা নিৰ্যাতন আৰু পত্নীৰ ষড়যন্ত্ৰত অপমানিত হৈয়েই যুৱকজনে এনে চৰম পন্থা বাচি লৈছে বুলি অভিযোগ তুলিছে পৰিয়ালে।

এই ঘটনাৰ তদন্ত বিচাৰি ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও নাৰায়ণ সৰকাৰৰ পৰিয়ালে জানিবলৈ দিয়ে।