অসমীয়াঅসম

শাৰীৰিক অক্ষমতাক প্ৰত্যাহ্বান জনাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল মাধু্ৰ্য

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

এইবাৰ হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হৈছে মুঠ ২ লাখ ২৯ হাজাৰ ১৩১ গৰাকী শিক্ষাৰ্থী।

যাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে ৬৫১৭৬ জন শিক্ষাৰ্থীয়ে। দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে- ৯৯৮৫৪ জন আৰু ৬৪১০১ জন ছাত্ৰ-ছাত্ৰীয়ে।

এইবাৰ হাইস্কুল পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাধুৰ্য দত্তইও।

photo1654588432

চাবুৱাৰ্ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত বহি এখন বিষয়ত লেটাৰমাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় মাধুৰ্য।

উল্লেখ্য যে, বিশেষভাৱে সক্ষম মাধুৰ্যই হুইল ছেয়াৰত বহি অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

অশেষ অধ্যাৱসায় আৰু শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ছাত্ৰজনে লাভ কৰা সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আৰু অঞ্চলবাসী।

পৰীক্ষাত সফলতা অৰ্জন কৰি সুখী হৈ পৰিছে মাধুৰ্যও।

লগতে চাওকঃ

কেৱল অধ্যয়নেই নহয়, মনোৰঞ্জনৰ বাবে কাম কৰা উচিতঃ HSLCত শীৰ্ষস্থানপ্ৰাপ্ত ৰক্তোৎপলে ক’লে সাফল্যৰ আঁৰৰ কাহিনী

G1 3

Leave a Reply

Your email address will not be published. Required fields are marked *