অসমঅসমীয়া

সুৰাপায়ীৰ স্বাস্থ্যৰ কথা চিন্তা কৰিয়েই বৃদ্ধি কৰা হৈছে সুৰাৰ দামঃ পৰিমল শুক্লবৈদ্য

নিউজ ডেস্কঃ সুৰাৰ দাম বৃদ্ধি হ’লে মানুহে কমকৈ মদ্যপান কৰিব আৰু তেওঁলোকৰ স্বাস্থ্য ভাল হ’ব। – অসমত সুৰাৰ দাম বৃদ্ধিৰ সন্দৰ্ভত এই মন্তব্য কৰে ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

উল্লেখ্য যে, অহা ১৫ জুনৰ পৰা ৰাজ্যত কেইটামান নিৰ্বাচিত ব্ৰেণ্ডৰ ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ দাম বৃদ্ধি কৰা হ’ব বুলি আবকাৰী বিভাগে ২ জুনত এক অধিসূচনা জাৰি কৰিছিল।

সুৰাৰ দাম বৃদ্ধিক লৈ ৰাজ্যত একাংশই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সময়তে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দাম বৃদ্ধিৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰি চৰকাৰে মানুহক সুৰাৰ পৰা আঁতৰাই ৰাখি এটা সুস্থ জীৱন যাপন কৰাত সহায় কৰাৰ চেষ্টা চলোৱা বুলি মন্তব্য কৰে।

image 83

সোমবাৰে এটা স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত শুক্লবৈদ্যই কয় যে সুৰাৰ দাম বৃদ্ধিৰ আঁৰৰ ধাৰণাটো হ’ল মানুহক (মদ্যপানকাৰীক) সুৰাৰ পৰা আঁতৰাই নি সুস্থ জীৱন যাপন কৰাত সহায় কৰা।

তেওঁ কয়, ‘মদৰ দাম বৃদ্ধি হ’লে মানুহে কমকৈ মদ খাব। যিজনে তিনিটা পেগ (দৈনিক) পান কৰে তেওঁ এবাৰ সুৰাৰ দাম বৃদ্ধি হ’লেই দুটা পেগ খাব। এইদৰে এজন ব্যক্তিয়ে সুস্থ জীৱন যাপন কৰিব।’

image 84

মন্ত্ৰীগৰাকীয়ে লগতে পুনৰ কয়, ‘চৰকাৰে ৰাজ্যখন সুৰামুক্ত কৰিব নোৱাৰে বা মানুহক মদ্যপান কৰাত বাধা দিবও নোৱাৰে। এনে কৰিলে ৰাইজে প্ৰতিবাদ আৰম্ভ কৰিব।’

আনহাতে সুৰাৰ এই মূল্যবৃদ্ধি সাময়িক হ’ব বুলি চলা জল্পনা কল্পনা সন্দৰ্ভত পৰিমল শুক্লবৈদ্যই কয় যে এবাৰ দাম বৃদ্ধি হ’লে দাম হ্ৰাস কৰাৰ চৰকাৰৰ কোনো পৰিকল্পনা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *