অসমঅসমীয়া

ডক্টৰেট হ’ল অসম আৰক্ষীৰ DIG পাৰ্থসাৰথি মহন্ত

হনী ঝাঁঝৰী। সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিলে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক (প্ৰশাসন) পাৰ্থসাৰথি মহন্তই।

উল্লেখ্য যে নিজৰ কৰ্মব্যস্ততাৰে মাজজেও এজন কবি, স্তম্ভ লেখক, অভিনেতা হিচাপে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হােৱা আৰক্ষী বিষয়াগৰাকীয়ে ‘A Study on Challenges and Practices for Achieving Work-Life Balance in Police Profession with Special Reference to Guwahati Police Commissionerate” শীৰ্ষক বিষয়ত গৱেষণা কৰি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় পি.এইচ. ডি. ডিগ্ৰী অৰ্জন কৰিছে।

পাৰ্থসাৰথি মহন্ত

শনিবাৰে অনুষ্ঠিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সমাবৰ্তন অনুষ্ঠানত আৰক্ষী বিষয়াগৰাকীয়ে অসমৰ সন্মানীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰা আনুষ্ঠানিকভাৱে এই ডিগ্ৰী গ্ৰহণ কৰে।

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰো মুৰব্বী হিচাপে সুখ্যাতিৰে দায়িত্ব নিৰ্বাহ কৰি থকা মহন্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত বিভাগীয় প্ৰধান তথা বৰ্তমান অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ মেনেজমেণ্ট বিভাগৰ জ্যেষ্ঠ প্ৰাধ্যপক ৰূপে কৰ্মৰত ডঃ হোমেশ্বৰ গোস্বামীৰ তত্বাৱধানত গৱেষণা সম্পূৰ্ণ কৰিছে ।

image

এগৰাকী স্তম্ভলেখক, কবি হিচাপেও সু-পৰিচিত, বৰ্তমান গুৱাহাটী নিবাসী ডঃ পাৰ্থসাৰথি মহন্ত শিৱসাগৰৰ বৈকুণ্ঠস্থিত অধ্যাপক শৰৎ মহন্ত আৰু মীনা মহন্তৰ জ্যেষ্ঠ পুত্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *