ৰাষ্ট্ৰীয়

লাডাখত উৰিল ১০০০ কিলোগ্ৰাম ওজনৰ বিশ্বৰ সৰ্ববৃহৎ খাদী জাতীয় পতাকা…

লাডাখত উৰিল ১০০০ কিলোগ্ৰাম ওজনৰ বিশ্বৰ সৰ্ববৃহৎ খাদী জাতীয় পতাকা।

মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে লাডাখৰ লেহত উৰিল বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকাখন।

শনিবাৰে পুৱা লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰে এই পতাকাখন উন্মোচন কৰে।

২২৫ ফুট দীঘল আৰু ১৫০ ফুট বহল এই ত্ৰিৰংগাৰ ওজন প্ৰায় ১০০০ কিঃগ্ৰাঃ।

Image

এই পতাকাখন প্ৰস্তুত কৰিছে ভাৰতীয় সেনাৰ 57 অভিযন্তা ৰেজিমেণ্টে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইটাৰত পতাকাখনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয়, ভাৰতৰ পতাকাৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত যে গান্ধীজীৰ জন্ম জয়ন্তীত বিশ্বৰ সৰ্ববৃহৎ খাদী পতাকা লাডাখৰ লেহত উন্মোচন কৰা হৈছে। বাপুৰ স্মৃতিক স্মৰণ কৰি, ভাৰতীয় শিল্পীসকলৰ প্ৰচাৰ আৰু দেশবাসীক সন্মান জনোৱা এই প্ৰচেষ্টাক মই অভিবাদন জনাইছো। জয় হিন্দ, জয় ভাৰত!

Leave a Reply

Your email address will not be published. Required fields are marked *