অসম চুক্তি ৰূপায়ণক লৈ আছু, চৰকাৰৰ প্রতিনিধিৰে ৮জনীয়া সমিতি গঠন…

অসম চুক্তি ৰূপায়ণক লৈ আছু, চৰকাৰৰ প্রতিনিধিৰে ৮জনীয়া সমিতি গঠন।

অসম চৰকাৰে শনিবাৰে অসম চুক্তিৰ সকলো ধাৰা, বিশেষকৈ কেন্দ্ৰীয় পেনেলৰ দ্বাৰা প্ৰস্তুত কৰা ষষ্ঠ দফা প্ৰতিবেদন ৰখাৰ বাবে এক পৰিকাঠামো ধাৰণা কৰাৰ বাবে এখন আঠ জনীয়া উপ-সমিতি গঠন কৰে।

এই ৮ জনীয়া উপ-সমিতিখনত চৰকাৰৰ প্ৰতিনিধি হিচাপে আছে অতুল বৰা, পীযুষ হাজৰীকা, আৰু অজন্তা নেওগ। আনহাতে এই সমিতিত থকা আন আন সদস্যসকল হ’ল দীপাংক নাথ, শংকৰ জ্যোতি বৰুৱা, সমুজ্জ্বল ভট্টাচাৰ্য, প্ৰকাশ দাস আৰু উদ্দীপ জ্যোতি গগৈ। 

উপ-সমিতিৰ আহ্বায়ক হিচাপে থাকিব অসম চৰকাৰৰ উপ-সচিব  সুজাতা সুচিব্ৰত।

এই সমিতিয়ে আগন্তুক তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি জাননীত উল্লেখ কৰিছে।

এই সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি, বান পানী আৰু খহনীয়াৰ, শ্বহীদসকলৰ পৰিয়ালৰ পুনৰ্সংস্থাপন আৰু অসম আন্দোলনৰ ভুক্তভোগীসকলৰ আপডেটৰ লগতে অসম চুক্তিৰ ৭, ৯ আৰু ১০ নং দফা ৰূপায়ণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব।

উল্লেখ্য যে, বিগত প্ৰায় ১ মাহ পূৰ্বে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আছুৰ প্রতিনিধিৰ সৈতে কেইবাগৰাকীও মন্ত্রীৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে হোৱা প্রায় চাৰি ঘণ্টাজোৰা বৈঠকত চুক্তি ৰূপায়ণক লৈ কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।

সেই অনুসৰি অসম চুক্তি ৰূপায়ণৰ বাবে আছুৰ ৫জন প্রতিনিধি আৰু ৰাজ্য চৰকাৰৰ প্রতিনিধি হিচাপে তিনিগৰাকী মন্ত্রীৰে মুঠ ৮জনীয়া এখন সমিতি গঠন কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল৷

Leave a Comment