লাখটকীয়া আই ফােনৰ বাবে বিক্ৰী গ’ল CBI ৰ বিষয়া! গ্ৰেপ্তাৰ

নিউজ ডেস্ক। সৰিয়হৰ ডুলিতে ভূত। আনৰ উৎকোচৰ তদন্ত কৰা সংস্থাৰ বিষয়াই গ্ৰহণ কৰিলে উৎকোচ।

ব্যয়বহুল আই ফোন উৎকোচ হিচাপে লৈছিল বিষয়াজনে। যাৰ ফলত তেওঁ হল গ্ৰেপ্তাৰ। ইয়াৰ লগতে গ্ৰেপ্তাৰ হল সেই কামত জড়িত অধিবক্তা গৰাকী।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখ অভিযুক্ত হোৱা দুৰ্নীতিৰ গোচৰৰ গোপনীয় প্ৰতিবেদন লাভ কৰাৰ বাবে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এজন উপ-পৰিদৰ্শকক উৎকোচ হিচাপে এটা আইফোন ১২ প্ৰ’ আগবঢ়াইছিল।

42955-cbi-20180306040538

সেই উৎকোচ আগবঢ়াইছিল প্ৰাক্তন মন্ত্ৰীজনৰ অধিবক্তা আনন্দ দাগাই। উৎকোচ গ্ৰহণ কৰা উপ-পৰিদৰ্শক জন হল অভিষেক তিৱাৰী।

মুম্বাই আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান পৰমবীৰ সিঙে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ পিছত এপ্ৰিলত পদত্যাগ কৰা দেশমুখৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া অব্যাহত আছিল।

তদন্ত প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ চেষ্টা কৰাৰ অভিযোগত উপ-পৰিদৰ্শক অভিষেক তিৱাৰী আৰু প্ৰাক্তন মন্ত্ৰীৰ অধিবক্তা আনন্দ দাগাক চিবিআইয়ে গ্ৰেপ্তাৰ কৰে।

85ikvuq-iphone-12-pro-625x300-03-September-21

চিবিআইয়ে এজাহাৰৰ প্ৰতিবেদনত কয়, “২৮.৬.২০২১ তাৰিখে অভিষেক তিৱাৰীয়ে অনিল দেশমুখৰ বিৰুদ্ধে গোচৰৰ তদন্তৰ সন্দৰ্ভত পুনে ভ্ৰমণ কৰিছিল। জানিব পৰা গৈছে যে অধিবক্তা আনন্দ দাগাই অভিষেক তিৱাৰীক লগ কৰিছিল আৰু তদন্ত সম্পৰ্কীয় বিৱৰণ প্ৰদান কৰাৰ সলনি তেওঁক সন্তুষ্টি হিচাপে অবৈধভাৱে এটা আইফোন ১২ প্ৰ’ প্ৰদান কৰিছিল।”

চিবিআইৰ সূত্ৰই জনায় যে, আইফোন ১২ প্ৰ’ ফোনটো তিৱাৰীৰ পৰা জব্দ কৰা হৈছে আৰু ফৰেনচিক বিশ্লেষণৰ বাবে ইয়াক প্ৰেৰণ কৰা হৈছে।

চিবিআইয়ে অভিযোগ কৰে যে, “তিৱাৰীয়ে প্ৰাক্তন মন্ত্ৰীজনৰ উকীলৰ পৰা নিয়মীয়াকৈ উপঢৌকন গ্ৰহণ কৰি আহিছিল।

Anil-Deshmukh-Facebook-5042021-1200

অভিষেক তিৱাৰীয়ে বিভিন্ন নথিপত্ৰৰ প্ৰতিলিপি যেনে কাৰ্যক্ৰমৰ স্মাৰকপত্ৰ, চীলিং-আনচিলিং স্মাৰকপত্ৰ, বিবৃতি আদি যোগান ধৰিছিল। ইয়াৰোপৰি বহু সময়ত হোৱাটছএপৰ জৰিয়তেও গোচৰৰ তদন্ত সম্পৰ্কীয় মেম’ আনন্দ দাগাৰ সৈতে দেশমুখে শ্বেয়াৰ কৰিছিল।”

চিবিআইৰ আৰক্ষী অধীক্ষক কিৰনে কয়, “উপ-পৰিদৰ্শকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। যিয়ে ব্যয়বহুল ফোন উৎকোচ হিচাপে লৈছিল। যাৰ মূল্য প্ৰায় এখন বাইকৰ সমান।

উপ-পৰিদৰ্শক আৰু উকীল দুয়োকে বৃহস্পতিবাৰে দুদিনৰ বাবে চিবিআই জিম্মালৈ প্ৰেৰণ কৰা হয়।”

Leave a Comment