আৰক্ষীৰ গুলীত আহত নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মা…

আৰক্ষীৰ গুলীত আহত ৰাজ্য কঁপোৱা মৰিধলৰ নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত ৰিংকু শৰ্মা।

আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীয়াই অপৰাধী ৰিংকু শৰ্মাক।

এছডিজিপি জি পি সিঙে টুইটাৰযোগে সদৰি কৰিছে এই কথা।

সিঙে কয় যে অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰা ৰিংকু শৰ্মাক আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়।

উল্লেখ্য যে,, কিছুদিন পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ বিয়েৰাৰ ৰিংকু শৰ্মাই।

এই ঘটনাৰ কেইদিনমান পিছতে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে হাৰ মানে প্ৰতিভাৱান ছাত্ৰী নন্দিতা শইকীয়া।

আঘাতপ্ৰাপ্ত ৰিন্টু শৰ্মাক লৈ যোৱা হৈছে অসম মেডিকেল কলেজলৈ।

Leave a Comment