নিউজ ডেস্ক। কামৰূপ জিলাৰ বকাে সমষ্টিৰ ছমৰীয়া মৰাকলহী নৈত বালি খননৰ ভয়াৱহ পৰিণতি। ৰাজ্যিক জাতীয় জলজ প্ৰাণী নদী শিহুৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা।
দুটা শিহুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ছমৰীয়া শালমাৰাৰ ৰাজপথ।

শিহু দুটাৰ অস্বাভাৱিক মৃত্যুত এলেকাটোৰ পুৰুষ-মহিলা পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহি বন বিভাগ হায় হায়, দুষ্প্ৰাপ্য শিহুৰ সুৰক্ষা নিশ্চিত কৰক, অবৈধ বালি খনন বন্ধ কৰক, শিহুৰ মৃত্যু তদন্ত কৰক আদি শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে।
উল্লেখ্য যে কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ ছমৰীয়া শালমাৰা মৰাকলহী নৈত বৃহস্পতিবাৰে দুটা দুষ্প্ৰাপ্য শিহুৰ মৃত্যু হয়।

ইয়াৰ ফলত ৰাইজ উত্তেজিত হৈ ৰাজপথত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাইজে অভিযোগ কৰামতে শালমাৰা এলেকাত বন বিভাগক মেনেজ কৰি চলাই থকা অবৈধ বালিখননৰ বাবে দুষ্প্ৰাপ্য শিহুৰ মৃত্যু হোৱা বুলি ৰাইজে দাবী কৰে।









