লটাৰীত ২৫ কোটি টকা জয় কৰি কিদৰে দুৰ্বিসহ হৈ পৰিছে কেৰালাৰ অটো ৰিক্সাচালক অনুপৰ জীৱন? ভিডিঅ’ পোষ্ট কৰি অনেক কথা…

নিউজ ডেস্কঃ মানুহৰ পৰামৰ্শ আৰু দাবীত অতীষ্ঠ হৈ পৰিছে কেৰালাৰ ২৫ কোটি টকাৰ লটাৰী বিজয়ী কে অনুপ। কোনোৱে যদি তেওঁৰ কাষলৈ আহি ইশ্বৰক দান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে, আন কোনোৱে আকৌ নিজৰ অংশ বিচাৰি অতীষ্ঠ কৰিছে অনুপক। পৰিস্থিতি ইমানেই ভয়াবহ হৈছে যে ঘৰৰ পৰা পলায়ন কৰিবলৈও বাধ্য হৈছে অনুপে। নিজৰ কণমানি সন্তানটোৰ সৈতে খেলিবলৈও তেওঁ এতিয়া সময় আৰু সুযোগ লাভ নকৰা হৈছে।

উল্লেখ্য যে, বিগত সপ্তাহত অৰ্থাৎ ১৭ ছেপ্টেম্বৰত কেৰেলাৰ ওনাম বাম্পাৰ লটাৰীত ২৫ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিছিল সাধাৰণ অটো ৰিক্সা চালক কে অনুপে। ধন অভাৱত সন্তানৰ সাঁচতীয়া পিগি বেংকৰ পৰা টকা উলিয়াই সেই টকাৰে তেওঁ ক্ৰয় কৰিছিল লটাৰীৰ টিকট।

image 190
লটাৰীত ২৫ কোটি টকা জয় কৰি কিদৰে দুৰ্বিসহ হৈ পৰিছে কেৰালাৰ অটো ৰিক্সাচালক অনুপৰ জীৱন? ভিডিঅ’ পোষ্ট কৰি অনেক কথা… 4

ভাগ্যই সংগ দিছিল কে অনুপক। লটাৰীত তেওঁ জয়লাভ কৰিছিল ২৫ কোটি টকা। জানিব পৰা মতে, কৰ আৰু এজেণ্টৰ কমিছন কৰ্তন হোৱাৰ পিছত প্ৰায় ১৬.২৫ কোটি টকা লাভ কৰিব অনুপে। অৱশ্যে লটাৰীৰ এই ধন তেওঁ এতিয়াও লাভ কৰা নাই। লটাৰী পৰিচালনা সমিতিয়ে জনোৱা মতে, সম্পূৰ্ণ ধন বিজেতাক হস্তান্তৰ কৰিবলৈ কমেও দুসপ্তাহৰ সময় লাগিব।

কিন্তু লটাৰীৰ ধন লাভ কৰাৰ পূৰ্বেও এতিয়া অনুপৰ কাষলৈ সোঁত বৈছে পাবত গজা পৰামৰ্শদাতাৰ। লাভ কৰা টকাখিনি ক’ত খৰছ কৰিব, কি কি পৰিকল্পনা কৰিছে আদি কৈ কৈ ভাগৰি পৰিছে অনুপ। তদুপৰি আন একাংশ পৰামৰ্শদাতা আহিছে ইশ্বৰৰ নাম লৈ। ইশ্বৰৰ শক্তিৰ বলতহে অনুপে এই ধন লাভ কৰা বুলি দাবী কৰি এনেকে ভগৱানৰ ওচৰত মোটা অংক দান কৰিবলৈ আহ্বান জনাইছে অনুপক।

image 191
লটাৰীত ২৫ কোটি টকা জয় কৰি কিদৰে দুৰ্বিসহ হৈ পৰিছে কেৰালাৰ অটো ৰিক্সাচালক অনুপৰ জীৱন? ভিডিঅ’ পোষ্ট কৰি অনেক কথা… 5

আন একাংশই আকৌ বিচাৰিছে নিজৰ অংশ। ‘মোৰ জহতহে এই টিকটটো পালে’, ‘মই প্ৰাৰ্থনা কৰা বাবেহে পুৰস্কাৰ পাইছে’ আদি কৈ কৈ নিজৰ অংশ বিচাৰি অতীষ্ঠ কৰিছে অনুপক।

প্ৰথমে মিডিয়া, শুভাকাংক্ষী, প্ৰচাৰ লাভ কৰি আনন্দিত হৈছিল অনুপ আৰু তেওঁৰ পৰিয়াল। কিন্তু সিয়েই এতিয়া তেওঁৰ বাবে অসহ্য হৈ পৰিছে। আনকি মানুহৰ ভিৰৰ বাবে তেওঁ দুবাৰকৈ ঘৰৰ পৰা আঁতৰি আত্মীয়ৰ ঘৰত আশ্ৰয় ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ কণমানি সন্তানটোৰ সৈতে এখন্তেক খেলিবলৈও তেওঁ সময় নাইপোৱা।

image 192
লটাৰীত ২৫ কোটি টকা জয় কৰি কিদৰে দুৰ্বিসহ হৈ পৰিছে কেৰালাৰ অটো ৰিক্সাচালক অনুপৰ জীৱন? ভিডিঅ’ পোষ্ট কৰি অনেক কথা… 6

এনে কাৰণতে এতিয়া সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি আক্ষেপ ব্যক্ত কৰিবলৈ বাধ্য হৈছে কে অনুপ। ভিডিঅ’টোত তেওঁ অতি দুখেৰে কৈছে যে তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰাতকৈ দ্বিতীয় (৫ কোটি টকা) বা তৃতীয় (১ কোটি টকা)ৰ পুৰস্কাৰ লাভ কৰা হ’লেও ভাল আছিল। অন্ততঃ তেতিয়া তেওঁ এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন।

পুৰস্কাৰ বিজয়ী কে অনুপৰ এই ভিডিঅ’ই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ইমান বৃহৎ পৰিমাণৰ ধন লটাৰীত জয়ী কৰি কিদৰে তেওঁৰ জীৱন ক্ৰমাৎ দুৰ্বিসহ হৈ পৰিছে সেয়া প্ৰকাশ পাইছে অনুপৰ ভিডিঅ’টোত। আনহাতে টকাৰে যে মনৰ সুখ ক্ৰয় কৰিব নোৱাৰি, সেয়াই অনুপ আৰু তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত এতিয়া প্ৰযোজ্য হৈছে বুলিও মন্তব্য কৰিছে অনেকে।