ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত অঘটন! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী কৰ্মচাৰীৰ…

এক শোকাৱহ ঘটনা।

নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে অঘটন।

চিকিৎসালয়খনত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এজন কৰ্মচাৰীৰ।

মৃত লোকজন বিজন দাস বুলি জানিব পৰা গৈছে।

শনিবাৰে দিনৰ ১.৩০ মান বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

চিকিৎসালয়খনৰ ডায়ল’ছিচ ইউনিটৰ পানী ফিল্ট্ৰেছন ৰূমৰ ভিতৰত পৰি আছিল লোকজন।

বিদুৎ বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি উদ্ধাৰ কৰে লোকজনক।

লোকজন চিকিৎসা বিভাগৰ ডায়ল’ছিচ ইউনিট পানী ফিল্ট্ৰেছনৰ টে’কনিচিয়ান বুলি জানিব জানিব পৰা গৈছে।

জানিব পৰা মতে বিজন দাস গুৱাহাটীৰ পৰা নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ গৈছিল।

চিকিৎসালয়খনৰ যান্ত্ৰিক সামগ্ৰীৰ মেৰামতিৰ বাবে গুৱাহাটীৰ পৰা যোৱা দুৰ্ভগীয়া টেকনিচিয়ানজনে যান্ত্ৰিক সামগ্ৰী মেৰামতি কৰি থকাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয়।

এই ঘটনাৰ পিছতে চিকিৎসালয়খনত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।