শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কলিয়াভোমোৰাৰ দ্বিতীয়খন বৃহৎ দলং- কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব কলিয়াভোমোৰাৰ দ্বিতীয়খন বৃহৎ দলং>

শুক্ৰবাৰে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে নৱনিৰ্মিত দলংখন পৰিদৰ্শন কৰি এই কথা সদৰি কৰে।

৪১৩ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৩.০৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী কলিয়াভোমোৰাৰ দ্বিতীয় সেতুখনৰ নির্মাণকার্য ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

সেই অনুসৰি দলংখনৰ নিৰ্মাণৰ কামৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেজপুৰৰ কলিয়াভোমোৰা দলঙত উপস্থিত হয়।

এইক্ষেত্ৰত এন এইচ ডি চি এলৰ অভিযন্তা আৰু বিষয়ববীয়াসকলে কেন্দ্রীয় মন্ত্ৰীগৰাকীক দলংখনৰ নিৰ্মাণৰ সৈতে জড়িত থকা বিভিন্ন কাৰিকৰী আৰু আভিযান্ত্ৰিক দিশসমূহৰ শতাধিক ফটোৰ লগতে নক্সাৰ জৰিয়তে সকলো তথ্য দাঙি ধৰে।

ইয়াৰ পিচতে মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ সাংসদ কামাখ্যাপ্রসাদ তাছা, এন এইচ ডি চি এলৰ অভিযন্তা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলক লগত লৈ খোজকাঢ়ি নৱনিৰ্মিত দলংখনৰ নিৰ্মাণকাৰ্যকে ধৰি আন বিভিন্ন দিশসমূহৰ বিষয়ে বুজ লয়।

মন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অতি সোনকালে অৰুণাচল প্ৰদেশলৈ যাব আৰু ইটানগৰত বিমান বন্দৰৰ লগতে ৬০০ মেগাৱাট ক্ষমতাসম্পন্ন কামেং জলবিদ্যুৎ প্রকল্পও অহা মাহত উদ্বোধন কৰিব।

ইফালে ‘কা’ সন্দৰ্ভত সাংবাদিকে কৰা এক প্রশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰে এই বিষয়ত আলোচনা কৰিব আৰু এয়া ৰাস্তাত কোৱা কথা নহয় বুলি মন্তব্য কৰে।