সাংসদ হোৱাৰ বাবে কেতিয়াও বিজেপি বা নাগপুৰীয়াৰ ওচৰত আঠু নলওঁঃ নৱ শৰনীয়া

‘সাংসদ হোৱাৰ বাবে কেতিয়াও বিজেপি বা নাগপুৰীয়াৰ ওচৰত আঠু নলওঁ।’

‘আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মূল লক্ষ্য।’

এই বিস্ফোৰক মন্তব্য কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ বাহিৰে কোনেও জিকিব নোৱাৰে বুলিও সদম্ভে মন্তব্য কৰে শৰণীয়াই।

তেওঁ কয়- বিজেপিয়ে সৰু সৰু আঞ্চলিক দল সমূহক গিলি পেলাইছে। আমি কেনেকৈ আঞ্চলিকতাবাদী দল তথা জাতীয়তাবাদী দল সমূহক শক্তিশালী কৰি ভাৰতবৰ্ষক শক্তিশালী কৰিব পাৰো তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো।

তেওঁ কয়- কোকৰাঝাৰত নৱ শৰণীয়াই নিৰ্বাচন খেলিলে জয়ী হ’ব পৰা দ্বিতীয় ব্যক্তি নাই। ইয়াক লৈ আমি চিন্তিত নহয়, মোৰ ইচ্ছা হৈছে, দিল্লীত মই অকলে একো কৰিব নোৱাৰো সেয়ে অসমৰ পৰা ৩০-৪০টা এম পি লৈ যাব পাৰিলে ৰাইজৰ হকে কাম কৰিব পৰা যাব।

তেওঁ লগতে বিটিচিৰ ৰাজনৈতিক পৰিস্থিতি কেতিয়া সলনি হয় তাৰ কোনো গ্যাৰণ্টী নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

নৱ শৰণীয়াই অকলে বিটিচিত নিৰ্বাচন খেলি জয়ী হ’ব পৰা সমৰ্থ আছে। কেৱল সাংসদ হোৱাৰ বাবে কেতিয়াও বিজেপি বা নাগপুৰীয়াৰ ওচৰত আঠু নলওঁ বুলি স্পষ্ট কৰি দিয়ে শৰণীয়াই।