অসমীয়াতে টুইট কৰি ৰঙালী বিহুৰ শুভেচ্ছা অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্কঃ বিহুৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।

প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমী পাৰ্টীয়ে।

দিল্লীৰ পিছত পঞ্জাৱতো বিশাল ভোটত জয়লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা আম আদমী পাৰ্টীয়ে ইতিমধ্যে অসমত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নামি পৰিছে।

তাৰ মাজতে আজি গৰু বিহুৰ দিনা অসমীয়াতে টুইট কৰি অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালে।

টুইটযোগে তেওঁ অসমীয়া নতুন বছৰটোৱে সকলোৰে বাবে সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰো কামনা কৰে।

উল্লেখ্য যে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও।

পুৱাই প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমীয়াত টুইট কৰি অসমীয়াক ৰঙালী বিহুৰ ওলগ যাঁচিছিল।

Leave a Comment