অসম

কংগ্ৰেছ এৰি AAPলৈ যাব নেকি ৰিপুণ বৰা..? চলিছে চৰ্চা…

নিউজ ডেস্ক। চলিছে চৰ্চা! কংগ্ৰেছ এৰি আম আদমী পাৰ্টীত যোগদানৰ যো-জা চলাইছে ৰিপুণ বৰাই।

ৰাজ্যসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত এতিয়া যিকোনো প্ৰকাৰে অন্য ৰাজ্যৰ পৰা হ’লেও ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ প্ৰয়াসত ৰিপুণ বৰা নামি পৰিছে বুলিও চৰ্চা আৰম্ভ হৈছে।

537

বিশেষকৈ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগক লৈ উত্থাপন কৰিছে বিস্ফোৰক দাবী।

এটা ফেচবুক পোষ্টত দুলু আহমেদে দাবী কৰে যে ১১ এপ্ৰিলৰ দিনৰ দুই বজাত আম আদমী পাৰ্টীৰ জনৈক শৰ্মা উপাধিৰ এজন নেতাৰ সৈতে বৈঠকত মিলিত হৈছিল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা।

আহমেদৰ মতে, মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত আম আদমী পাৰ্টী আৰু ৰিপুণ বৰাৰ সাক্ষাতৰ এটা ভিডিঅ’ও ইতিমধ্যে তেওঁৰ হাতত মজুত আছে। ৰিপুণ বৰাই যেনেতেনে অন্য ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ হোৱাৰ লক্ষ্যৰে আম আদমী পাৰ্টীত যোগদানৰ যো-জা চলোৱা বুলিও দাবী কৰে দুলু আহমেদে।

অৱশ্যে দুলু আহমেদৰ এই ফেচবুক পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে এটা ফেচবুক পোষ্টযোগে এই প্ৰচাৰ ভিত্তিহীন আখ্যা দিয়ে ৰিপুণ বৰাই।

তেওঁ নিজকে কংগ্ৰেছৰ নিষ্ঠাবান সৈনিক বুলি অভিহিত কৰি কয় যে দলত্যাগ কৰাৰ কোনো পৰিকল্পনা তেওঁৰ নাই।

কিন্তু কংগ্ৰেছ নেতাগৰাকীক লৈ আৰম্ভ হোৱা এই চৰ্চা কিমান সঁচা সেয়া পৰৱৰ্তী সময়ত নিশ্চয় পৰিলক্ষিত হব।

লগতে চাওকঃ

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Leave a Reply

Your email address will not be published. Required fields are marked *