অসম

অৱশেষত গ্ৰেপ্তাৰ হ’ল যৌন কেলেংকাৰীৰ অভিযুক্ত ADP কলেজৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতী…

নিউজ ডেস্ক। অৱশেষত গ্ৰেপ্তাৰ হ’ল যৌন কেলেংকাৰীৰ অভিযুক্ত ADP কলেজৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতী।

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেঁকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক বুধবাৰে তৎকালীনভাৱে নিলম্বন কৰা হৈছে।

অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দুগৰাকী মহিলা অধ্যাপিকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল।

nsgson

জানিব পৰা মতে, মহাবিদ্যালয়খনৰ হাৰ্বেল চায়েঞ্চ এণ্ড টেকন’লোজি বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ৪৩০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪এ, ৩৭৬, ৫১১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।

বুধবাৰে নিলম্বনৰ কিছু সময় পাছতেই বিয়লি গুৱাহাটীত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ আমবাৰীত আত্মগোপন কৰি আছিল গ্ৰেপ্তাৰ হোৱা ভাগৱতীয়ে। আমবাৰীৰ এটা ফ্লেটত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে গ্ৰেপ্তাৰ কৰে অধ্যক্ষ গৰাকীক।

533

নগাঁও আৰক্ষী ছাউনীৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক লীনা দলেই।

তেওঁ আৰু কয় যে সদ্যহতে অধ্যক্ষজনক নগাঁৱলৈ লৈ অহা হৈছে। নগাঁও সদৰ আৰক্ষী থানাত তেওঁক সোধা-পোছা কৰা হ’ব।

উল্লেখ্য যে, অধ্যক্ষ ড° ভাগৱতীৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত যৌন নির্যাতনৰ গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা তেওঁ জামিন বিচাৰি নগাঁও আদালতত আবেদন জনাইছিল যদিও সেই আবেদন খাৰিজ কৰা হৈছিল।

তাৰ পাছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা জামিনৰ বাবে তৎপৰতা অব্যাহত ৰাখিছিল।

লগতে চাওকঃ

ঈশ্বৰে গঢ়ি দিয়া যুটি! ৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Leave a Reply

Your email address will not be published. Required fields are marked *