যড়যন্ত্ৰৰ বলি হৈছে পংকজ পাঠক! হাতত হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত কি ক’লে নাৰী বিদ্বেষী মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভূ আচাৰ্যজনে…

নিউজ ডেস্কঃ নাৰী বিদ্বেষী মন্তব্য কৰি অৱশেষত গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক। কিছুবছৰ পূৰ্বে বিভিন্ন ৰোগৰ ঘৰুৱা বিধান দি হঠাৎ চৰ্চালৈ অহা পংকজ পাঠক নাম স্বঘোষিত আচাৰ্যজনে শেহতীয়াকৈ নাৰী জাতিক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল।

যাৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰিছিল মহিলা সংগঠনসমূহে। ইয়াৰ পিছতে বুধবাৰে নিশা হাউলীৰ কালঝাৰৰ এটা পৰিয়ালত আত্মগোপন কৰি থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে পংকজ পাঠকক।

ইয়াৰ পিছতে নিশাই হাতীগাঁও আৰক্ষীয়ে হাউলীৰ পৰা গুৱাহাটীলৈ লৈ আনে স্বয়ম্ভূ আচাৰ্যজনক।

ইফালে বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষী থানাৰ পৰা হাতত হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য কৰে পংকজ পাঠকে। তেওঁ কয়, ‘মই ষড়যন্ত্ৰৰ বলি হোৱা বুলি গোটেই অসমে জানে।’

ভুৱা বাতৰিৰ বলি হৈ তেওঁ গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা বুলি মন্তব্য কৰি এই সন্দৰ্ভত পিছত কথা ক’বলৈ অনেক সময় আছে বুলি কয় পংকজ পাঠকে।

উল্লেখ্য যে, নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকে চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা বিবাহিত মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল।

ইয়াৰ পিছতে পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিভিন্ন নাৰী সংগঠনসমূহ। নাৰী বিদ্বেষী মন্তব্য কৰা পংকজ পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাৰ থানাই থানাই দাখিল কৰা হৈছিল এজাহাৰ।

1 thought on “যড়যন্ত্ৰৰ বলি হৈছে পংকজ পাঠক! হাতত হেণ্ডকাফ লগাই স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত কি ক’লে নাৰী বিদ্বেষী মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা স্বয়ম্ভূ আচাৰ্যজনে…”

Comments are closed.