কোভিডত আক্ৰান্ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা

নিউজ ডেস্কঃ কোভিডত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা। বুধবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এইকথা প্ৰকাশ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা সকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰী সাহাই টুইটাৰত কয়, “মই আজি কোভিড-১৯ত আক্ৰান্ত হৈছো। এতিয়া মই সম্পূৰ্ণৰূপে সুস্থ হৈ আছো। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছো।”

image 218
কোভিডত আক্ৰান্ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা 2

প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱকে ধৰি তেওঁৰ মন্ত্ৰীসভাৰ বহুসদস্যই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে, বিগত কিছু দিন ধৰি কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। বুধবাৰে ত্ৰিপুৰাত কোভিডত ৪৭৭ জন লোক নতুনকৈ আক্ৰান্ত হয়।

আনহাতে, বিগত ২৪ ঘন্টাত ভাৰতত মুঠ ২০,৫৫৭ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। এই সময়ছোৱাত ২৫ জন লোকৰো কোভিডৰ ফলত মৃত্যু ঘটে।