কেনে আছে জুবিন…

নিউজ ডেস্কঃ অসমীয়াৰ নয়নৰ মণি জুবিন গাৰ্গ চিকিৎসাধীন হৈ আছে মহানগৰীৰ আয়ুৰসূন্দ্ৰা হাস্পতালত। বুধবাৰে ডিব্ৰুগড়ত হঠাৎ অসুস্থ হৈ পৰা কণ্ঠশিল্পীগৰাকীক পুৱা ভৰ্তি কৰোৱা হৈছিল ডিব্ৰুগড়ৰ সঞ্জীৱনি হাস্পতালত। তাৰ পিছতে বিয়লিৰ ভাগত তেওঁক এয়াৰ এম্বুলেন্সযোগে লৈ অনা হয় গুৱাহাটীলৈ।

জুবিন গাৰ্গৰ স্বাস্থ্যৰ অহৰহ খবৰ ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে বুধবাৰে জুবিনক ভৰ্তি কৰোৱা হয় আয়ুৰসূন্দ্ৰা হাস্পতালত। নিশা ফোনযোগে জুবিনৰ সৈতে কথাও পাতে মুখ্যমন্ত্ৰী শৰ্মাই।

ফোনত জুবিনক জিৰণি লোৱাৰ কথা কয় মুখ্যমন্ত্ৰীয়ে। কিন্তু জুবিনে ল’ব নিবিচাৰে জিৰণি। অসমীয়া সংগীত সংস্কৃতিত এটা নতুন যুগৰ আৰম্ভণি ঘটোৱা সকলোৰে মৰমৰ জুবিন গাৰ্গে মুখ্যমন্ত্ৰীক কয়- এতিয়াও বহু কাম পৰি আছে, বহু কাম কৰিবলগীয়া আছে।

photo1658390928
কেনে আছে জুবিন… 4

চিকিৎসকৰ মতে সুস্থ হৈয়ে আছে জুবিন গাৰ্গ। মাথো ৰক্তচাপ আৰু হৃদস্পন্দন কিছু বাঢ়ি আছে। যাৰ বাবে আয়ুৰসূন্দ্ৰা হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলাই থকা হৈছে কণ্ঠশিল্পীগৰাকীৰ চিকিৎসা।

ইফালে বৃহস্পতিবাৰে হাস্পতালত সম্পন্ন কৰা হয় জুবিনৰ এমআৰআই আৰু চিটি স্কেন। ৰিপ’ৰ্ট আহিবলৈ এতিয়াও বাকী। কিন্তু চিকিৎসকে কৈছে- চিন্তাৰ কোনো কাৰণ নাই। অতি সোনকালে সুস্থ হৈ উঠিব তেওঁ। অৱশ্যে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অলপ জিৰণি লোৱাৰ দৰকাৰ জুবিনে।

photo1658391034
কেনে আছে জুবিন… 5

দৰাচলতে মঙলবাৰে বিয়লি ডিব্ৰুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত পিচলি পৰিছিল জুবিন গাৰ্গ। তাৰ পিছতে তেওঁ মূৰত আঘাত পাইছিল। ৰাতিটো সুস্থ হৈ থাকিলেও বুধবাৰে পুৱাৰে পৰা কিছু অসুস্থ অনুভৱ কৰিবলৈ আৰম্ভ কৰে জুবিন গাৰ্গে। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় সঞ্জীৱনি হাস্পতালত।

প্ৰিয় কণ্ঠশিল্পীগৰাকী অসুস্থ হোৱাৰ খবৰে হাহাকাৰ লগায় লাখ লাখ অনুৰাগীৰ মাজত। সামাজিক মাধ্যমত জুবিনৰ আশু আৰোগ্য কামনা কৰে অনুৰাগী সকলে। মন্দিৰে-মছজিদে প্ৰাৰ্থনা চলে- অতি সোনকালে সুস্থ হৈ উঠক কণ্ঠশিল্পীগৰাকী।

418
কেনে আছে জুবিন… 6

অনেক কাম কৰিবলগীয়া আছে জুবিন গাৰ্গৰ। কিন্তু একেৰাহে কাম কৰি কৰি অসুস্থ হৈ পৰা কণ্ঠশিল্পীগৰাকীক এতিয়া জিৰণিৰ নিতান্তই প্ৰয়োজন। সেয়েহে চিকিৎসকে দঢ়াই কৈছে- জিৰণি লোৱাৰ কথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে একেখিনি কথাই।

কিন্তু খেয়ালী মনৰ শিল্পীগৰাকীৰ বাবে জিৰণি লোৱাৰ সময় এয়া নহয়। তেওঁৰ মতে, আধৰুৱা হৈ থকা কামবোৰ তেওঁ সম্পূৰ্ণ কৰিব লাগিব। বাকী আছে গীতৰ কাম, চিনেমাৰ কাম।