অসম

যৌন কেলেংকাৰীৰ অভিযুক্ত এ ডি পি কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। যৌন কেলেংকাৰীৰ অভিযুক্ত এ ডি পি কলেজৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক চাকৰিৰ পৰা নিলম্বন।

অধ্যাপিকাক যৌন নিৰ্যাতনৰ অভিযোগৰ পাছতে নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেঁকীয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক তৎকালীনভাৱে নিলম্বন কৰা হৈছে।

অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ দুগৰাকী মহিলা অধ্যাপিকাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

nsgson

লগতে অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল।

জানিব পৰা মতে, মহাবিদ্যালয়খনৰ হাৰ্বেল চায়েঞ্চ এণ্ড টেকন’লোজি বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ৪৩০/২২ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪এ, ৩৭৬, ৫১১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।

মহিলা অধ্যাপিকা গৰাকীয়ে অধ্যক্ষ গৰাকীয়ে অশালীন ইংগিত দিয়াৰ লগতে মানসিক নিৰ্যাতন চলোৱা বুলিও নিজৰ অভিযোগত উল্লেখ কৰিছিল।

মহিলা অধ্যাপিকা গৰাকীয়ে সদৰ থানাত গোচৰ ৰুজু কৰাৰ পাছতে অধ্যক্ষ সুৰজিত কুমাৰ ভাগৱতীক নিলম্বন কৰা হয়।

লগতে চাওকঃ

ঈশ্বৰে গঢ়ি দিয়া যুটি! ৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Leave a Reply

Your email address will not be published. Required fields are marked *