অসমঅসমীয়া

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

নিউজ ডেস্ক। মাত্ৰ কিছু সময়ৰ ব্যৱধানতে প্ৰাণত্যাগ এহাল বৃদ্ধ দম্পত্তিৰ।

সুদীৰ্ঘ কাল একেলগে হাতেহাত ধৰি পাৰ কৰাৰ পিছত মৃত্যুৰ শীলত কোলাতো একেলেগেই যেন গুছি গ’ল পতি-পত্নী।

G1 14

এই শোকাবহ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ চাংসাৰীৰ ধোপাতাৰী শিলভঁৰালত।

এহাল অশীতিপৰ দম্পত্তিৰ মঙলবাৰে সন্ধিয়া প্ৰায় একে সময়তে ইহলীলা সম্বৰণে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

p4 4

উমাকান্ত বৰ্মন

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে গাঁওখনৰ ধৰ্মপ্ৰাণ ব্যক্তি উমাকান্ত বৰ্মন (নবাব)।

p3 5

বিদ্যাৱতী বৰ্মন

৯৮ বছৰীয়া স্বামীৰ বিয়োগত শোকদগ্ধ হৈ ৮০ বছৰীয়া পত্নী বিদ্যাৱতী বৰ্মনৰো ক্ষন্তেক সময় পিছতে মৃত্যু ঘটে।

কিছু সময়ৰ ভিতৰতে এনেদৰে বৃদ্ধ স্বামী-স্ত্ৰীৰ মৃত্যুৱে পৰিয়ালটোকো ম্ৰিয়মান কৰি তোলে।

দম্পতীহালৰ অন্তিম সংস্কাৰ বুধবাৰে অসংখ্য লোকৰ উপস্থিতিত সম্পন্ন কৰা হয়।

লগতে চাওকঃ

দৰাৰ শিৰত সেন্দুৰ দিলে কইনাই, ‘কন্যাদান’ৰ দৰে সম্পন্ন হ’ল ‘বৰ দান’ প্ৰথাও!

p01 1

Leave a Reply

Your email address will not be published. Required fields are marked *