অসম

মাৰণাস্ত্ৰসহ আৰক্ষীৰ অভিযানত আটক এ.পি.এল.এ.ৰ সদস্য…

মাৰণাস্ত্ৰসহ আৰক্ষীৰ অভিযানত আটক এ.পি.এল.এ.ৰ সদস্য।

তিনিচুকীয়াত মাৰনাস্ত্ৰ সহ এ.পি.এল.এ.ৰ সদস্য আটক।

মঙলবাৰে ৰূপাই বেটেলিয়ানৰ এক অভিযানত এগৰাকী এ.পি.এল.এ. ৰ সদস‍্যক আটক কৰা হয়।

ভাৰতীয় সেনা বাহিনীৰ ৰেডচিল্ড ডিভিজনৰ ৰূপাই বেটেলিয়ন আৰু বৰডুমচা আৰক্ষীৰ এক যুতীয়া অভিযানৰ সময়তে ডাঙৰীৰ পৰা এই সদস‍্য গৰাকীক মাৰনাস্ত্ৰ সহ আটক কৰা হয়।

আটকাধীন এ.পি.এল.এ.ৰ সদস্য গৰাকী ৩২ বছৰীয়া বাবলু ভূঞা বুলি জানিব পৰা গৈছে। তেওঁৰ ঘৰ কাৰ্বি আংলঙত।

আটকাধীন যুৱক জনৰ পৰা আমেৰিকাত নিৰ্মিত এটা ৯ এম.এম. পিষ্টল, এটা মেগজিন আৰু ৫ ৰাউণ্ড সক্ৰিয় গুলি উদ্ধাৰ কৰা হয়।

আটকাধীন সদস‍্য গৰাকীৰ পৰা অধিক তথ্য আহৰণৰ বাবে সেনাবাহিনী তথা আৰক্ষীৰ লোকে সোধ পোছ অব‍্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *