অসম

GMCHত শিশু অপহৰণ কাণ্ডঃ দুগৰাকী মহিলাক আটক…

ৰাজ্যৰ স্বাস্থ্য সেৱাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হোৱা শিশু চুৰি হোৱা কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

পুৱা ৪.৩০ বজাত শুই থকা অৱস্থাতে GMCHৰ পৰা ৰহস্যজনকভাৱে চুৰি হয় এটি ৭ মহীয়া শিশু।

শিশুটি হাজোৰ নৱ কলিতাৰ পুত্ৰ প্ৰিয়ম কলিতা।

এই ঘটনাৰ পিছতে ভঙাগড় আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।

ইতিমধ্যে ঘটনা সন্দৰ্ভত দুগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে।

আটকাধীন মহিলা দুগৰাকী মিনতি দাস আৰু মনিষা মিলি।

বৰ্তমান ভঙাগড় থানাত সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *