ৰাষ্ট্ৰীয়অসমীয়া

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীক ১৫ দিনৰ পেৰোল প্ৰদান আদালতৰ, কাৰণ জানিলে আচৰিত হব আপুনিও!

নিউজ ডেস্ক। যোধপুৰ উচ্চ ন্যায়ালয়ক এক সিদ্ধান্তই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ দেশত। ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰা সিদ্ধান্তই মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে হতচকিতো কৰিছে।

দৰাচলতে আজীৱন কাৰাদণ্ডৰে দণ্ডিত এজন অপৰাধীক ১৫ দিনৰ পেৰোল প্ৰদান কৰিছে ৰাজস্থানৰ যোধপুৰ উচ্চ ন্যায়ালয়ে। কিন্তু আজীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীজনক পেৰোল প্ৰদানৰ কাৰণ জানি হতবাক হব আপুনিও।

G1 19

নন্দলাল নামৰ ৩৪ বছৰীয়া ব্যক্তিজনক আদালতে ১৫ দিনৰ পেৰোল প্ৰদানৰ কাৰণ হৈছে পত্নীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপন। কাৰাদণ্ডৰে দণ্ডিত নন্দলালৰ পত্নীয়ে যাতে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিব পাৰে, তাৰ বাবে আদালতৰ ন্যায়াধীশ সন্দীপ মেহতা আৰু ফাৰজান্দ আলীৰ বিচাৰপীঠে ১৫ দিনৰ পেৰোল প্ৰদান কৰে।

হিন্দু শাস্ত্ৰৰ লগতে খ্ৰীষ্টান, ইহুদী, ইছলাম ধৰ্মৰ মতবাদৰ উদ্ধৃতি দি ন্যায়ালয়ে কয় যে বন্দীৰ পত্নীৰ যৌন আৰু আৱেগিক প্ৰয়োজনীয়তা তেওঁৰ কাৰাবাসৰ দ্বাৰা প্ৰভাৱিত হৈছে। যাৰ পাবে তেওঁক ১৫ দিনৰ পেৰোল প্ৰদান কৰা হৈছে, যাতে পত্নীৰ সৈতে সহবাহ কৰিব পাৰে আৰু সন্তানপ্ৰাপ্ত কৰিব পাৰে।

উচ্চ ন্যায়ালয়ে ৰায় দান কৰি কয় যে বংশৰ বাবে সন্তান জন্ম দিয়াটো ধৰ্মীয় দৰ্শন, ভাৰতীয় সংস্কৃতি আৰু বিভিন্ন আইনী দিশৰ দ্বাৰা ব্যক্তিৰ অধিকাৰ। ন্যায়ালয়ে পুনৰ কয় যে বৈবাহিক জীৱনৰ জৰিয়তে সন্তুষ্টিৰ অধিকাৰ প্ৰয়োগ কৰিব পাৰি। ইয়াৰ অপৰাধীক স্বাভাৱিক কৰাৰ প্ৰভাৱো আছে। ই দোষী-বন্দীৰ আচৰণ সলনি কৰাত সহায় কৰে।

লগতে চাওকঃ

দুৰ্ঘটনাত পতিত হুঁচৰি গাবলৈ যোৱা বিহুৱা দলৰ বাহন! ৩ যুৱতীসহ ৫ জনৰ মৃত্যু

G4 12

Leave a Reply

Your email address will not be published. Required fields are marked *