অসম

ৰাজ্যৰ ৰাজনীতিৰ খবৰ! শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা ৰিপুন বৰাৰ…

বিহুৰ আনন্দৰ মাজতে ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ।

শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা কংগ্ৰেছ নেতা ৰিপুন বৰাৰ।

উপ-নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে দলটোৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদানৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

G0 1

আনকি ৰিপুণ বৰাৰ সৈতে সু-সম্পৰ্ক থকা বহু নেতা-কৰ্মীকো তৃণমূলত যোগদানৰ বাবে দলটোৰ নেতৃত্বই যোগাযোগ কৰা বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনত অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিয়া ৰিপুণ বৰাই এইবাৰৰ ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াই পৰাজয়বৰণ কৰিছিল।

অৱশ্যে এই সংক্ৰান্তত বৰ্তমানলৈকে ৰিপুণ বৰাই সংবাদ মাধ্যমত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে চাওকঃ

মমতা বেনাৰ্জীৰ দললৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা

G01

Leave a Reply

Your email address will not be published. Required fields are marked *