মৰ্মান্তিক! ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন, চিচিটিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য

নিউজ ডেস্কঃ চিচিটিভি কেমেৰাত বন্দী হ’ল এক ভয়ংকৰ দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য। শুকুৰবাৰে ৰাজস্থানৰ জালোৰ জিলাৰ ছানচোৰৰ ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় এজন লোক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৬৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধমনা গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। এখন চাৰিচকীয়া বাহনত এখন টেংকাৰে খুন্দা মৰাত প্ৰাণ হেৰুৱায় চাৰিচকীয়া বাহনখনত থকা ৰমেশ নাই (৩২) নামৰ লোকজনৰ। নিহত লোকজন গান্ধৱৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

image 78
মৰ্মান্তিক! ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন, চিচিটিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য 4

জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত লোকজনে নিজ গাঁৱৰ পৰা সঞ্চোৰ অভিমুখে গৈ আছিল। একে সময়তে ছানচোৰৰ পৰা আহি থকা টেংকাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় লোকজন।

image 79
মৰ্মান্তিক! ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন, চিচিটিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য 5

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আহত ৰমেশক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টেংকাৰ চালকজনে।

image 80
মৰ্মান্তিক! ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনাত নিহত এজন, চিচিটিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য 6

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি টেংকাৰ চালকজনৰ সন্ধান অভিযান অব্যাহত ৰাখিছে।