৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ভিক্টৰ দাসক…

নিউজ ডেস্কঃ ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হ’ল ভিক্টৰ দাসক। অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম সংঘটিত হোৱাৰ উৰা বাতৰি বিয়পোৱাৰ অভিযোগত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হৈছিল ভিক্টৰ দাসক।

শনিবাৰে ভিক্টৰক কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে পাণবজাৰ আৰক্ষীয়ে ভিক্টৰক নিজৰ জিম্মাত বিচাৰে।

ইয়াৰ পিছতে আদালতে ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ভিক্টৰ দাসক।

উল্লেখ্য যে, অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত একাংশই অনিয়ম সংঘটিত কৰি নিযুক্তি প্ৰদানৰ নামত ৩-৪ লাখ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে।

তেওঁ লগতে এয়াও অভিযোগ কৰিছিল যে এই বৃহৎ অনিয়মত জড়িত হৈ আছে একাংশ প্ৰাক্তন বিধায়ক।

যুৱকজনৰ এই অভিযোগৰ পিছতে তেওঁক আটক কৰি জেৰা চলায় পাণবজাৰ আৰক্ষীয়ে।

কিন্তু অভিযোগ সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰিব নোৱাৰাৰ ফলশ্ৰুতিত অৱশেষত উৰা বাতৰি বিয়পোৱাৰ অপৰাধত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় ভিক্টৰ দাসক।