চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি বন্ধ কৰা হ’ল পেঞ্চন, দৰাৰ ভেশত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ

নিউজ ডেস্কঃ চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি পেঞ্চন বন্ধ কৰাৰ বিৰুদ্ধে গাঁওবাসীক লগত লৈ প্ৰতিবাদত নামিল এগৰাকী ১০২ বছৰীয়া বৃদ্ধ। সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হোৱা এই আশ্বৰ্যকৰ ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ ৰোহতক জিলাত।

উল্লেখ্য যে, ৰোহতকৰ নিৱাসী দিলো চান্দ নামৰ এগৰাকী ১০২ বৰ্ষীয় বৃদ্ধৰ চৰকাৰী নথিত মৃত বুলি লিপিবদ্ধ কৰি চৰকাৰে তেওঁৰ পেঞ্চন বন্ধ কৰিছিল যোৱা মাৰ্চ মাহতে। এই বিষয়ে জানিব পাৰিয়েই জীয়াই থকাৰ প্ৰমাণ স্বৰূপে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে ১০২ বৰ্ষীয় দিলো চান্দে।

image 77
চৰকাৰী নথিত মৃত লিপিবদ্ধ কৰি বন্ধ কৰা হ’ল পেঞ্চন, দৰাৰ ভেশত প্ৰতিবাদত নামিল ১০২ বছৰীয়া বৃদ্ধ 2

অশীতিপৰ বৃদ্ধগৰাকীয়ে দৰাৰ সাজ পিন্ধি ৰথ সদৃশ বাহনত উঠি মানস সৰোবৰৰ পাৰ্কৰ পৰা কেনেল ৰেষ্টলৈ এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে। এই শোভাযাত্ৰাত বৃদ্ধ গৰাকীক সংগ দিয়ে তেওঁৰ জন্মভূমিৰ অসংখ্য লোকে। শোভাযাত্ৰাৰ নেতৃত্ব দিয়ে আম আদমি পাৰ্টিৰ হাৰিয়ানাৰ প্ৰাক্তন প্ৰধান নবীন জয়হিন্দে৷

এই শোভাযাত্ৰাত বৃদ্ধ দিলো চান্দক সহযোগ আগবঢ়োৱা গাঁওবাসীয়ে ‘আপোনাৰ খুৰা এতিয়াও জীয়াই আছে’, ‘দিলো চান্দ জীয়াই আছে’, ‘মই জীয়াই আছো’ আদি শ্ল’গান সম্বলিত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে দিলো চান্দে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মনীষ গ্ৰোভাৰক সাক্ষাৎ কৰি আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক আদি দাখিল কৰি জীয়াই থকাৰ প্ৰমাণ প্ৰদান কৰি পেন্সনটো পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।