অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! হঠাৎ খুলি দিয়া গাড়ীৰ দৰ্জাত খুন্দা মাৰি পথৰ ওপত চিটিকি পৰিল স্কুটী আৰোহী, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ হঠাৎ খুলি দিয়া গাড়ীৰ দৰ্জাত খুন্দা মাৰি মৃত্যুক সাৱটিলে এগৰাকী স্কুটী আৰোহীয়ে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত। চিচিটিভি কেমেৰাত বন্দী দুৰ্ঘটনাৰ এটা ভিডিঅ’ ইতমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।

জানিব পৰা মতে, বুধবাৰে লক্ষ্ণৌৰ আলমবাগৰ ছোটা বৰহা অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

এজন গাড়ী চালকে পিছফালে নচোৱাকৈয়ে গাড়ীৰ দুৱাৰখন খুলি দিয়াত পিছফালৰ পৰা আহি থকা এজন স্কুটী আৰোহীয়ে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

গুৰুতৰভাৱে আহত স্কুটী আৰোহীজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও বৃহস্পতিবাৰে বিয়লি তেওঁৰ মৃত্যু ঘটে।

scooty

আৰক্ষীৰ মতে, বুধবাৰে বিয়লি আলামবাগৰ ছোটা বঢ়াৰ বাসিন্দা ৪৫ বছৰীয়া অটো চালক অনিল গৌতমে এখন স্কুটীৰে ঘৰৰ পৰা ওলাই আহিছিল।

সেই সময়তে পথৰ দাঁতিত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনৰ চালকে গাড়ীৰ দুৱাৰখন খুলি দিয়ে। যাৰ ফলত তাত খুন্দা মাৰি পথৰ ওপৰত চিটিকি পৰে অনিল গৌতম।

লগে লগে তেওঁক ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হৈ যদিও অধিক ৰক্তক্ষৰণৰ বাবে বৃহস্পতিবাৰে বিয়লি তেওঁৰ মৃত্যু ঘটে। এই ঘটনাৰ পিছতে মৃত লোকজনৰ পত্নীয়ে অজ্ঞাত বাহন চালকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।

প্ৰত্যক্ষদৰ্শী একাংশই মন্তব্য কৰা মতে, দুৰ্ঘটনাৰ সময়ত স্কুটী আৰোহী অনিল গৌতমে হেলমেট পৰিধান কৰা নাছিল বাবেই তেওঁৰ আঘাত গুৰুতৰ হৈ পৰিছিল।

তেওঁ হেলমেট পৰিধান কৰা হ’লে জীৱন ৰক্ষা পৰিলেহেঁতেন বুলিও একাংশই মত পোষণ কৰিছে।

লগতে চাওকঃ

বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ