বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ

নিউজ ডেস্কঃ উত্তেজনাপূৰ্ণ এখন খেলৰ মাজতে হঠাৎ সংঘটিত হয় অঘটন। পূৰ্ণ উদ্যমৰে চলি থকা খেলখনৰ মাজতে প্ৰতিপক্ষৰ এটা ঘোচাত অচেতন হৈ ৰিঙত ঢলি পৰে এগৰাকী বক্সাৰ।

আঘাতপ্ৰাপ্ত বক্সাৰগৰাকীক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বাংগালুৰৰ এখন বক্সিং প্ৰতিযোগিতাত। প্ৰতিযোগিতাখনৰ এখন খেল চলি থকাৰ সময়তে প্ৰতিদ্বন্দ্বীৰ শক্তিশালী ঘোচাত অচেতন হৈ বাগৰি পৰে এগৰাকী বক্সাৰ।

লগে লগে তেওঁক আয়োজক আৰু আন সকলে বাংগালুৰুৰ জি এম হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

image 134
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 7

এই ঘটনাৰ পিছতে ৰাজ্যিক পৰ্যায়ৰ কে-১ কিকবক্সিং চেম্পিয়নশ্বিপৰ আয়োজকৰ বিৰুদ্ধে অৱহেলাৰ গোচৰ ৰুজু কৰিছে বাংগালুৰু আৰক্ষীয়ে।

বাংগালুৰুৰ জ্ঞানজ্যোতি নগৰৰ পাই আন্তঃৰাষ্ট্ৰীয় ভৱনত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনি।

image 135
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 8

জানিব পৰা মতে, যোৱা ১০ জুলাইত সংঘটিত হৈছিল এই দুৰ্ঘটনা। প্ৰতিযোগিতাৰ এখন খেলত মহীশূৰৰ নিৱাসী তথা যুৱ বক্সাৰ নিখিল এছ (২৩)-এ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ৰিঙত অৱতীৰ্ণ হোৱাৰ সময়তে সংঘটিত হয় এই অঘটন।

প্ৰতিদ্বন্দ্বীৰ এটা শক্তিশালী ঘোচাত ৰিঙত বাগৰি পৰি মৃত্যুক সাৱটি লয় নিখিলে।

image 136
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 9

ইফালে মৃত বক্সাৰ নিখিলৰ পিতৃয়ে অভিযোগ কৰা মতে, প্ৰতিযোগিতাখন চলি থকাৰ সময়তো তাত কোনো জৰুৰীকালীন অক্সিজেনৰ সুবিধা, পেৰামেডিকেল ইউনিট বা ষ্ট্ৰেছাৰ উপলব্ধ নাছিল।

বক্সিং ৰিঙত নিখিল বাগৰি পৰাৰ পিছত তেওঁক কোনো প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাৰ বাবেই মৃত্যুক সাৱটি ল’বলগীয়া হোৱা বুলি অভিযোগ কৰে বক্সাৰগৰাকীৰ পিতৃ সুৰেশ এছে।

image 137
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 10

জ্ঞান ভাৰতী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ভাৰতীয় দণ্ডবিধি(ক) ধাৰা ৩০৪(ক)ৰ অধীনত প্ৰতিযোগিতাখনৰ আয়োজকসকলৰ বিৰুদ্ধে অৱহেলাৰ ফলত মৃত্যু ঘটা সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰি নিখিলৰ মৃত্যুৰ পৰবৰ্তী তদন্ত অব্যাহত ৰখা হৈছে।

লগতে চাওকঃ

বহী পুনৰীক্ষণঃ মেট্ৰিকত স্থান লাভ কৰিলে প্ৰাৰ্থনা- অবিনাশে…

G8 3
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 11

তাইৰ মনটো যদি বিদ্ৰোহী হৈ উঠিছিল, তেন্তে… বৰ্ষাশ্ৰীৰ প্ৰসংগত এই কথা ক’লে ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰীয়ে…

gyanshree
বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ 12

1 thought on “বক্সিং ৰিঙত মৃত্যুৰ কিৰিলি! প্ৰতিপক্ষৰ আঘাতত খেলৰ মাজতে প্ৰাণ গ’ল বক্সাৰৰ”

Comments are closed.