গঁড় নহয়, ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ লক্ষ্য বিৰল প্ৰজাতিৰ মাছ, দুজনক গ্ৰেপ্তাৰ…

গঁড় নহয়, ৰাষ্ট্ৰীয় উদ্যানত এইবাৰ চোৰাং চিকাৰীৰ লক্ষ্য হৈ পৰিছে এবিধ বিৰল প্ৰজাতিৰ মাছ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ লক্ষ্য বোৰকা চেং বা পিপলি চেং নামৰ এবিধ মাছ।

দেখাত সুন্দৰ এই বৰকা চেং মাছটোৰ চোৰাং বজাৰত মূল্য হৈছে ২৫হাজাৰ টকা।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এই বিৰল প্ৰজাতিৰ মাছসহ আটক হৈছে চোৰাং চিকাৰী।

মঙলদৈ সদৰ থানাৰ তৎপৰতাত মাছসহ দুই চোৰাং চিকাৰী গ্ৰেপ্তাৰ হৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই চোৰাং চিকাৰী হৈছে ৰফিকুল ইছলাম আৰু আব্দুল ৰচিদ।

অভিযানত উদ্ধাৰ তিনিটাকৈ বিৰল প্ৰজাতিৰ মাছ।

মাছসহ দুই চোৰাং চিকাৰীক বনবিভাগক চমজাই দিয়ে আৰক্ষীয়ে।