
মৰ্মান্তিক! স্মাৰ্টফোনেৰে খেলি থকাৰ সময়তে সপ্তম মহলাৰ পৰা পিচলি মৃত্যু কণমানি শ্ৰেয়াৰ
নিউজ ডেস্কঃ অট্টালিকাৰ বেলকনিত বহি স্মাৰ্ট ফোনত খেলি থকাৰ সময়তে পিচলি পৰি প্ৰাণ গ’ল এটি চাৰে তিনি বছৰীয়া কণমানিৰ। এই শোকাবহ ঘটনা শুকুৰবাৰে সংঘটিত হয় মহাৰাষ্ট্ৰৰ ভাছাইৰ হেৰিটেজ চিটিৰ ৰিজেন্সি ভিলাত।
এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ৰিজেন্সি ভিলাৰ সপ্তম মহলাৰ নিৱাসী শ্ৰদ্ধা নামৰ মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত জ্যেষ্ঠ কন্যাক স্কুলৰ বাছত উঠাই দিবলৈ বিল্ডিঙৰ গেটলৈ ওলাই আহিছিল। সেই সময়ত ঘৰতেই শুই আছিল তেওঁৰ চাৰে তিনি বছৰীয়া কনিষ্ঠ কন্যা শ্ৰেয়া।
কিন্তু মাতৃ ওলাই যোৱাৰ ক্ষন্তেক পিছতে সাৰ পাই শিশুটিয়ে হাতত এটা স্মাৰ্টফোন লৈ বেলকনিত ঠিয় হৈ খেলিবলৈ আৰম্ভ কৰে। তেনেতে শিশুটিৰ হাতৰ স্মাৰ্ট ফোনটো তললৈ সৰি পৰাত শিশুটিয়ে বেলকনিৰ ৪ প্ৰায় ৪ ফুট উচ্চতাৰ লোহাৰ ৰেলিঙৰ ওপৰেৰে মোবাইলটো চাব খুজোতেই পিচলি পৰে।

ইফালে সপ্তম মহলাৰ পৰা শিশুটি পৰাৰ পিছতে অঞ্চলটোত নিৱাসী সকল সমবেত হয়। শিশুটিৰ মাতৃ শ্ৰদ্ধাও সেই সমসয়ত ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে তুমুৰলি হৈ থকা শিশুটিক লগে লগে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
জানিব পৰা মতে, শ্ৰেয়াৰ পিতৃ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। কোম্পানীৰ কামতে তিনিমাহৰ বাবে ছিংগাপুৰত আছে শিশুটিৰ পিতৃ। শিশুটিৰ এনে কৰুণ মৃত্যুৱে স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।





