নিউজ ডেস্কঃ ঘৰত নিগনি মাৰিবলৈ আনি থোৱা ঔষধ অসাৱধানবশতঃ খাদ্যৰ সৈতে মিহলাই খাই মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলাই। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে মায়ানগৰী মুম্বাইত।
জানিব পৰা মতে, মুম্বাইৰ মালাডৰ পাস্কেলবাড়ী অঞ্চলৰ নিৱাসী ৰেখা নিশাদ নামৰ ২৭ বৰ্ষীয় মহিলাগৰাকীয়ে ২১ জুলাইত টিভি চাই থকাৰ সময়তে বনাই আছিল মেগী। সেই সময়ত মহিলাগৰাকীয়ে অন্যমনস্ক হৈ মেগীৰ সৈতে ভুলবশতঃ নিগনি মৰা বিহ মিহলাই থোৱা বিলাহীৰ চছ খাই অসুস্থ হৈ পৰে।
খাদ্য গ্ৰহণৰ কেইঘণ্টামান পিছতে মহিলাগৰাকীয়ে প্ৰচণ্ড বমি কৰাৰ লগতে তীব্ৰ পেটৰ বিষত আক্ৰান্ত হয়। লগে লগে তেওঁৰ স্বামী আৰু পৰিয়ালৰ লোকে হাস্পতাললৈ লৈ যায় যদিও বুধবাৰে হাস্পতালতে মৃত্যু ঘটে মহিলাগৰাকীৰ।
টিভি চাই চাই মেগী বনোৱাৰ এই ভয়ংকৰ পৰিণতিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।









