উৎকোচ লৈ হাতে-লোটে ধৰা পৰা আবকাৰী বিভাগৰ বিষয়া বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল

নিউজ ডেস্কঃ উৎকোচ লৈ হাতে-লোটে ধৰা পৰা মৰিগাঁৱৰ আবকাৰী বিভাগৰ অধ্যক্ষা বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়স্থিত বাসগৃহ ছীল কৰা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰে জাগীৰোডৰ এগৰাকী ব্যৱসায়ীৰ পৰা ১ লাখ টকা উৎকোচ বিচাৰি প্ৰথম কিস্তিৰ ২০ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিছিল আবকাৰী বিভাগৰ বিষয়া বৰষা বৰা বৰদলৈ।

জানিব পৰা মতে, অহা বছৰ মাৰ্চ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ কথা আছিল বৰষা বৰা বৰদলৈৰ। কিন্তু ধনৰ লোভত অৱসৰলৈ মাত্ৰ আৰু কেইটামান মাহ বাকী থকা অৱস্থাত এনেদৰে গ্ৰেপ্তাৰ হ’বলগীয়া হয় বিষয়াগৰাকী।

বৰ্তমান মহিলা আৰক্ষী থানাত জেৰা চলাই থকা হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক। টকা নিদিলে কোনো কামেই নকৰে বুলি বৰষা বৰা বৰদলৈৰ বিৰুদ্ধে পূৰ্বেও অভিযোগ উত্থাপন হৈছিল।