এখন বিশেষ বিয়া! একেজন দৰাৰ ডিঙিত বৰমালা দুই যমজ ভগ্নীৰ, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’…

নিউজ ডেস্কঃ অমায়িক, বিনম্ৰ, দয়াশীল। এজন স্বামীৰ গাত থাকিবলগীয়া সকলো গুণেই আছে অতুলৰ। গতিকে প্ৰেমত নপৰাকৈ থাকিব পাৰিনো কেনেকৈ?

সেয়ে তেনে এজন যুৱকৰে প্ৰেমত একেলগে পৰিল দুই যমজ ভগ্নী। আৰু শেষত পৰিয়ালৰ সন্মতিত দুই ভগ্নীয়ে একেলগে বৰমালাও পিন্ধালে একেজন যুৱকক।

এনে এখন আজৱ বিয়াই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’ও।

মহাৰাষ্ট্ৰৰ চোলাপুৰৰ নিৱাসী দুই যমজ ভগ্নী ৰিংকী আৰু পিংকী। মুম্বাইৰ এটা আইটি কোম্পানীত কৰ্মৰত দুই ভগ্নীয়ে শেহতীয়াকৈ একেলগে বিবাহ পাশত আৱদ্ধ হয় একেজন দৰাৰ লগত। দৰাৰ নামত অতুল।

জানিব পৰা মতে, ৰিংকী আৰু পিংকীৰ পিতৃৰ জীৱিত অৱস্থাত হঠাৎ এদিন অসুস্থ হৈ পৰাত অতুলেই নিজৰ গাড়ীৰে তাৎক্ষণিকভাৱে লৈ গৈছিল হাস্পতালত। আৰু সেয়াই আছিল অতুলৰ সৈতে ৰিংকী-পিংকীৰ প্ৰথম পৰিচয়।

অতুলৰ বিনম্ৰতা, আচৰণে মন জয় কৰিছিল দুই যমজ ভগ্নীৰ। দুয়ো পৰিছিল প্ৰেমত অতুলৰ। একেলগে কৰিছিল প্ৰেম নিবেদনো। তাৰ পিছতে পৰিয়ালৰ সন্মতিত দুই ভগ্নীয়ে স্বামীৰূপে বৰণ কৰে অতুলক।