মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, শিক্ষক-শিক্ষাৰ্থীসহ ৯ জন নিহত

নিউজ ডেস্কঃ শিক্ষামূলক ভ্ৰমণলৈ গৈ থকা সময়তে সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু শিক্ষক-শিক্ষাৰ্থীসহ ৯ জনকৈ যাত্ৰীৰ।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ পালাক্কাড়ত।

দুখন বাছৰ সংঘৰ্ষত ৯ জনকৈ যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় ৩৬ জন যাত্ৰী।

image 53
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, শিক্ষক-শিক্ষাৰ্থীসহ ৯ জন নিহত 4

দুৰ্ঘটনাত পতিত এখন বাছত আছিল শিক্ষামূলক ভ্ৰমণৰ বাবে উটি গৈ থকা এখন বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ দল।

জানিব পৰা মতে, এৰ্নাকুলামৰ মুলানথুৰুথিৰ বাছেলিয়াছ বিদ্যালয়ৰ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৫ গৰাকী শিক্ষকে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ আছিল উটিলৈ।

image 52
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, শিক্ষক-শিক্ষাৰ্থীসহ ৯ জন নিহত 5

দ্ৰুতবেগত গৈ থকা বাছখনে পালাক্কাড়ত পিছফালৰ পৰা কেৰালা ৰাজ্যিক পৰিবহণ নিগমৰ এখন যাত্ৰীবাহী বাছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসহ নিহত হয় দুয়োখন বাছৰ ৯ জনকৈ যাত্ৰী।

image 54
মৰ্মান্তিক! শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ থকা সময়তে ভয়ংকৰ দুৰ্ঘটনা, শিক্ষক-শিক্ষাৰ্থীসহ ৯ জন নিহত 6

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত সকলৰ ১২ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।